![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বিশিষ্ট শিক্ষাবিদ ডঃ প্ৰফুল্ল মহন্ত জীৱনভিত্তিক গ্ৰন্থ উন্মোচন। আজি গুৱাহাটী অসম সাহিত্য সভা জয়ন্ত কুমাৰ বৰুৱা-লখিমী বৰুৱা সভাগৃহত উন্মোচন কৰা হয় ডঃ ‘প্ৰফুল্ল মহন্ত : জীৱন অন্বেষণ’ শীৰ্ষক গ্ৰন্থখন। সাংসদ অজিত কুমাৰ ভূঞা আৰু সাংবাদিক জীতেন্দ্ৰ লাল শৰ্মাই সম্পাদনা কৰি উলিওৱা গ্ৰন্থখন উন্মোচন কৰে জ্যেষ্ঠ ৰাজনীতিবিদ হেমেন দাসে।
উল্লেখ্য ১৩খনকৈ গৱেষণামূলক গ্ৰন্থ আৰু ৩খন উপন্যাস ৰচনা কৰা শিক্ষাবিদগৰাকী জীৱন ভিত্তিক গ্ৰন্থখন উন্মোচনী সভাত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু, শিল্পী লোকনাথ গোস্বামী প্ৰমুখ্যে বহুকেইজন ব্যক্তি ।
পূৰ্বাঞ্চল প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন উন্মোচনী সভাত শিক্ষাবিদগৰাকী নিজেই উপস্থিত থাকে।













