![]()
নিউজ ডেস্কঃ
চূড়ান্ত বেমেজালি আৰু বিসংগতিৰে বৃহস্পতিবাৰে অনুষ্ঠিত বিভিন্ন প্ৰান্তত ৰাজ্য চৰকাৰৰ উদ্যোগত ‘জব মেলা’ । যাৰ ফলত নিয়োগ মেলাৰ নামত শিক্ষিত নিবনুৱাক চৰকাৰে প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছিল সৰ্বত্ৰ। একাধিক বেমেজালিৰ ভিডিও আৰু চাকৰি প্ৰত্যাশীৰ ক্ষোভৰ ভিডিও প্ৰকাশ পাইছিল ছচিয়েল মিডিয়াত৷ ফলত সৰ্বত্ৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সমালোচনাৰ জোৱাৰ উঠিছিল। তাৰ পিছতে যেন গাত তৎ আহিল ৰাজ্য চৰকাৰৰ৷ যাৰ বাবে নিলম্বন কৰা হয় ‘জব মেলা’ত জড়িত দুগৰাকী বিষয়াক। দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ যুটীয়া সঞ্চালক টি ডংগেল আৰু সহকাৰী সঞ্চালিকা লিপিকা দত্তক নিলম্বন কৰিছে ৰাজ্য চৰকাৰে। বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত নিলম্বন কৰা হয় বিষয়া দুগৰাকীক।
উল্লেখ্য, চাকৰি প্ৰদান কৰিবলগীয়া বিভাগৰ নাম, পদ, নিযুক্তি চৰকাৰী বিভাগত নে ব্যক্তিগত প্ৰতিষ্ঠানত আদি সম্পৰ্কে ‘জব মেলা’ৰ বিজ্ঞাপনত কোনো উল্লেখ নাছিল৷ লগতে চাকৰি প্ৰাৰ্থীসকলৰ বায়ডাটা য’তে-ত’তে পেলাই থৈ যোৱা আদি বিসংগতি তথা বিতৰ্কৰ বাবে ৰাজ্যত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ নিবনুৱা যুৱক-যুৱতীৰ জীৱনক লৈ খেলা কৰাৰো অভিযোগ উঠিছিল চৌদিশে৷ তাৰ ফলশ্ৰুতিতেই চৰকাৰৰ এই পদক্ষেপ বুলি জানিব পৰা গৈছে।













