ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ মুৰব্বী কে শিৱনে বৃহস্পতিবাৰে জনাই যে চন্দ্ৰায়ন-২ৰ অৰ্বিটাৰে খুউব ভালদৰে কাম কৰি আছে। তদুপৰি সকলোবোৰ ‘পেল’ডে’ কাম কৰিবলৈ আৰম্ভ কৰিছে।
অৱশ্যে এতিয়াও বিক্ৰমৰ সৈতে সংযোগ স্থাপন কৰিব পৰা নাই বুলি তেওঁ কয়। এই সন্দৰ্ভত ইতিমধ্যে এখন ৰাষ্ট্ৰীয়-পৰ্যায়ৰ সমিতি গঠন কৰাৰ কথা সদৰী কৰি তেওঁ জনাই যে কি ক্ৰুটিৰ বাবে এনে হৈছে সেয়া সমিতিখনে প্ৰতিবেদন আকাৰে জনোৱাৰ পাছতে অনাগত দিনত ইছৰোৱে পুনৰ পৰিকল্পনা হাতত ল’ব।
তেওঁ স্পষ্টভাৱে কয় যে বিক্ৰমৰ সৈতে যোগাযোগ স্থাপন নোহোৱা সত্বেও এই অভিযানৰ সম্পূৰ্ণ লক্ষ্যৰ ৯৮ শতাংশ পূৰণ হৈছে।










