![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ক’ভিড-১৯ আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকসকলৰ নিকটাত্মীয়ক চৰকাৰে প্ৰদান কৰা সাহায্য লাভৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে কাৰবি আংলং জিলা প্ৰশাসনে ৷ জিলা উপায়ুক্ত দিবাকৰ নাথে এক সংবাদমেল আয়োজন কৰি কয় যে, চৰকাৰে ক’ভিড আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা ব্যক্তিৰ নিকটাত্মীয়লৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়াইছে ৷
জিলাখনত ১৩৫ গৰাকী লোক ক’ভিডত আক্ৰান্তহৈ মৃত্যুবৰণ কৰিছে ৷ ইয়াৰে ২২ গৰাকী লোকক ইতিমধ্যে সাহায্য প্ৰদান কৰা হ’ল আৰু ৫৫ গৰাকীয়ে আবেদন পত্ৰ সংগ্ৰহ কৰিছে ৷ বাকী থকা লোকসকলকো চৰকাৰে জাৰি কৰা পৰ্টেল অথবা উপায়ুক্ত কাৰ্যালয়ৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনাইছে ৷
আনহাতে এককালীন সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে নীতিৰ কিছু সাল-সলনি কৰিছে বুলি জানিবলৈ দি উপায়ুক্তগৰাকীয়ে কয় যে, কোনো ব্যক্তি যদি ক’ভিড আক্ৰান্ত হৈছিল আৰু ক’ভিড মুক্তহৈ এটা মাহৰ ভিতৰত মৃত্যুবৰণ কৰিছিল তেনে ব্যক্তিৰ আত্মীয়য়ো আবেদন কৰিব পাৰিব ৷
ইয়াৰ বাবে মৃতকৰ ক’ভিড আক্ৰান্ত হোৱাৰ প্ৰমাণ-পত্ৰ আৰু নিকটাত্মীয়ৰ প্ৰমান পত্ৰ দাখিল কৰিব লাগিব ৷ অৱশ্যে এই মৃত্যু ৰোগজনিত অথবা সাধাৰণ মৃত্যু হব লাগিব ৷ আত্মহত্যা, দুৰ্ঘটনা আদিৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহ’ব ৷
আনহাতে জিলাখনত ক’ভিড ভেকচিন লোৱাৰ পৰিমান ৮৩ শতাংশৰো অধিক হোৱা বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ৷ তেওঁ কয় যে ২৭১টা দল ক’ভিডৰ সৈতে জড়িত হৈ আছে আৰু অতিৰিক্তভাবে দুখন জিলাৰ পৰা ৩১ জন দল জড়িত কৰা হৈছে ৷
বোকাজান হাওৰাঘাট সমষ্টিত কিছু ক্ষেত্ৰত ভেকচিন প্ৰদানত আহুকাল হৈছে যদিও ৩৫০টা ভোট গ্ৰহণ কেন্দ্ৰত ১০০ শতাংশ ভেকচিন প্ৰদান কৰা বুলি প্ৰতিবেদন লাভ কৰা হৈছে উপায়ুক্তগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে ৷ ৰাজ্যিক তথ্য অনুসৰি ৮৩ শতাংশ টীকাকৰণ হোৱা বুলি উপায়ুক্তগৰাকীয়ে কয় যে, বিশেষ টীকাকৰণ অভিযান ‘হৰ ঘৰ দস্তক ‘ অভিযান মতে জিলাখনত ৯০ টীকাকৰণ হৈছে ৷
জিলাখনৰ দুৰ্গম এলেকা হাট-বজাৰ আদিত টীকী কৰণৰ ব্যৱস্থা কৰা হৈছে ৷ একেদৰে গাঁৱলীয়া বেংক সমুহতো টীকাকৰণৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷ ভেকচিন নোলোৱা ১০ শতাংশ লোকৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰিছে উপায়ুক্তগৰাকীয়ে৷
ইপিনে, চৰকাৰে বিনামূলীয়া সমবায় ৰেছন দোকান সমূহৰ জৰিয়তে প্ৰদান কৰা চাউল নিয়াৰ ক্ষেত্ৰত দুটাকৈ ভেকচিন লোৱা ঘৰৰ সকলো লোকৰে প্ৰমাণ পত্ৰ পিৰদান কৰাটো জৰুৰী কৰা হৈছে ৷ চৰকাৰে এশ শতাংশ টীকাকৰণ নিশ্চিত কৰাৰ বাবে লোৱা পদক্ষেপ বুলি দোহাৰে উপায়ুক্তগৰাকীয়ে ৷ এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিছে উপায়ুক্তগৰাকীয়ে ৷












