![]()
নিউজ ডেস্কঃ
দীপৰ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ৷ ইয়াৰ বাবে ব্যয় কৰা হ’ব ১৪ কোটি টকা৷ ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ এই পদক্ষেপ৷ লগতে দীপৰ বিলক বেদখলমুক্ত কৰাৰ বাবেও গ্ৰহণ কৰা হ’ব পদক্ষেপ৷ সেই সন্দৰ্ভত তথ্য সংগ্ৰহৰ বাবে পৰ্যটনমন্ত্ৰী বিমল বৰাৰ নিৰ্দেশত দীপৰ বিলৰ পাৰত উপস্থিত হয় ৰাজহ মন্ত্ৰী যোগেন মহন৷ মন্ত্ৰী যোগেন মহনে দীপৰ বিলত উপস্থিত হৈ সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়৷ লগতে বেদখল সম্পৰ্কীয় তথ্য-পাতি এসপ্তাহৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
যদি দীপৰ বিলৰ বেদখলৰ কথাটো নিশ্চিত হয় তেনেহ’লে শীঘ্ৰেই বেদখলমুক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ আনহাতে, দীপৰ বিলৰ প্ৰাকৃতিক সৌন্দৰ্য সংৰক্ষণৰ বাবে ১৪ কোটি টকাৰে গ্ৰহণ কৰা হ’ব বিভিন্ন উন্নয়নমূলক আঁচনি৷













