![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
২০২২ চনৰ ১ জানুৱাৰীৰ পৰা বন্ধ হ’ব গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেল! অৱশ্যে চিকিৎসালয়খন নতুনকৈ নিৰ্মাণৰ বাবেহে বন্ধ থাকিব৷ কিয়নো এমএমচিএইচত নিৰ্মাণ হ’ব গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়৷ তাৰ বাবেই বন্ধ ৰখা হ’ব এমএমচিএইচ৷ আনহাতে, বৰ্তমান চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা ৰোগী আৰু চিকিৎসকসকলক পাণ্ডু আৰু ধীৰেণপাৰা প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব৷
৩ বছৰৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ ব্যয় ধাৰ্য কৰা হৈছে ৮০০ কোটি টকা৷ বৰ্তমানৰ হস্পিটেলখন ভাঙি ১২ মহলীয়া মেডিকেল কলেজখন নিৰ্মাণ কৰা হ’ব৷ নতুন এমএমচিএইচত থাকিব ৰোগীৰ বাবে ৮০০ বিছনাও ৷












