নিউজ ডেক্স:
ককায়েকৰ বন্ধুৰ সৈতে ফোনত পৰিচয়। পৰিচয়ৰ পৰা প্রেমৰ আৰম্ভণি। কিন্তু মাত্র ১৫ দিনৰ উক্ত প্রেম আছিল প্ৰকৃততে চলনা। উক্ত ‘প্রেমৰ ফান্দ’ত ভৰি দিয়েই গণধর্ষণৰ চিকাৰ হ’বলগা হ’ল এগৰাকী কিশোৰী। ঘটনাটি পশ্চিমবংগৰ৷
ঘটনা সন্দৰ্ভত স্থানীয় থানাত অভিযোগ কৰিছে কিশোগৰাকীৰ মোমায়েকে। উক্ত অভিযোগৰ ভিত্তিত শুক্রবাৰে অভিযুক্ত চাহিৰুদ্দিন চৌধুৰীক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। চাহিৰুদ্দিনৰ সঙ্গী তথা আন এক অভিযুক্ত শ্বেখ মহম্মদ আমিৰ ওৰফে শ্বেখ ফজল পলাতক।
কিশোৰীগৰাকীৰ মোমায়েকৰ অভিযোগ, বৃহস্পতিবাৰে সন্ধ্যা ফোন কৰি তেওঁৰ ভাগিনীয়েকক মাতি পঠাইছিল চাহিৰুদ্দিনে। তাৰ পিছত তেওঁক এখন নির্জন পথাৰলৈ লৈ যায়। তাতেই এজন যুৱকৰ সৈতে মিলি ধর্ষণ কৰে চাহিৰুদ্দিনে।ধৰ্ষণৰ পিছত কিশোৰীগৰাকীক পথাৰতে পেলাই থৈ যোৱাৰো অভিযোগ৷