![]()
স্টাফ ৰিপৰ্টাৰঃ
দুই পাৰ্বত্য জিলাৰ ছয়টাকৈ উগ্ৰপন্থী সংগঠনে চৰকাৰৰ সৈতে শান্তি চুক্তিৰ জৰিয়তে মূল সূঁতিলৈ ঘূৰি আহিছে যদিও কাৰবি পাহাৰত পুণৰ আৰক্ষীৰে সংঘৰ্ষত এটা উগ্ৰপন্থী নিহত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি কাৰ্বিআংলং জিলাৰ ৰংমংৱেত আৰক্ষী আৰু নৱগঠিত উগ্ৰপন্থী সংগঠন কে ডি এল এফৰ সংঘৰ্ষত নিহত হয় সংগঠনটোৰ স্বয়ম্ভু অধ্যক্ষ সেন জেকচন ৰংহাঙৰ ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি যোৱা ১০ ডিচেম্বৰত দুৱাৰবাগৰি পৰিষদীয় সমষ্টিৰ ৰংমংবেৰ এটি ব্ৰীজ নিৰ্মান কামত নিয়োজিত মিস্ত্ৰিক কৰ্মস্থানৰ পৰাই তিনিজনীয়া অস্ত্ৰধাৰী দলে অপহৰণ কৰি নিছিল ৷
উক্ত খবৰৰ ভিত্তিত আৰক্ষীয়ে একেখন গাঁৱৰ অমৰজ্যোতি তেৰাঙক আটক কৰে ৷ অমৰজ্যোতি তেৰাঙৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উক্ত অপহৰণ কাণ্ডত আৰু তিনিজন লোক জড়িত থকা বুলি জানিব পাৰি তদন্ত আৰম্ভ কৰে আৰু অপহৃতা চন্দন দে’ক সুস্থ শৰীৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অৱশেষত তদন্তক্ৰমে কাৰবি আংলং আৰক্ষীয়ে আজি ঘটনাৰ মূল অভিযুক্ত ৰংমংবে খ্ৰীষ্টানবস্তিৰ জেকছন ৰংহাঙৰ অৱস্থিৰ উমান পাই কাষৰ ঘন জংঘলত অভিযান চলায় ৷
অভিযান কালত জেকছন ৰংহাঙে আৰক্ষীৰে গুলিয়াগুলীত লিপ্ত হয় ফলত আৰক্ষীৰ প্ৰত্যুত্ৰত জেকছন ৰংহাঙ গুৰুতৰ বাবে জখম প্ৰাপ্ত হয় ৷ জেকছন ৰংহাঙক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে জেকছনক মৃত ঘোষণা কৰে ৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা পিষ্টল, কেইবাজাঁই সজূৱ গুলী আৰু আপত্তি জনক নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ৷












