![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
জ্ঞানপীঠ বঁটাৰে সন্মানিত কাব্য ঋষি নীলমণি ফুকনৰ বাসগৃহত বৃহস্পতিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
গুৱাহাটী নীলাচলপুৰত থকা বিশিষ্ট কবি গৰাকী বাসগৃহত উপস্থিত হৈ ফুল থোপা-গামোচাৰে অভিনন্দন তথা শুভেচ্ছা জনাই। শেহতীয়াভাৱে ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা বাবে নিৰ্বাচিত হৈছে জ্যেষ্ঠ কবিগৰাকী।
জ্ঞানপীঠ বঁটা বাবে নিৰ্বাচিত হোৱা পিছত প্ৰথমবাৰ সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। উল্লেখ্য যে, কবি ফুকনে মুখ্যমন্ত্ৰী শৰ্মাক উপহাৰ দিয়ে দুখন কিতাপ।
অসমীয়া জাতিক গৌৰাৱান্বিত কৰা বিশিষ্ট কবি ফুকনৰ স্বাস্থ্য বুজ লয় শৰ্মাই। অসমবাসী বাবে গৌৰৱৰ মুহূৰ্ত। বিৰল সন্মনে তেওঁ জাতিটোৰ বাবে কঢ়িয়াই আনিছে- মুখ্যমন্ত্ৰীয়ে কয়। তেখেত আদর্শৰে বৌদ্ধিক চিন্তাৰে অসমৰ আকাশ সদায় উজ্বলি থকাৰো কামনা কৰে মুখ্যমন্ত্ৰীয়ে।
“বহুখিনি পুৰণি কথা মনত পেলাই দিলে। নেঘেৰীটিং দৌল, কামাখ্যা দেৱালয়ৰ বিষয়ে কলে। জ্ঞানপীঠ বঁটা লাভ কৰি ভাল লাগিছে’ মুখ্যমন্ত্ৰীক কয়। তেখেতৰ কথা বতৰাত সাহিত্যৰ এটা সম্পূৰ্ণ বর্তমানো ফুটি উঠে, লগতে কয়।
উল্লেখ্য কিছুদিন পূৰ্বে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে বিশিষ্ট কবি ফুকনক ৰাজ্য চৰকাৰৰ হৈ সাক্ষাৎ কৰিছিল।













