![]()
ছাইদুল ইছলাম:
ডিফু:এক ভয়ঙ্কৰ বিপদৰ পৰা ৰক্ষা পৰিল ডিফু চহৰৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ৷ প্ৰাপ্তখবৰ অনুসৰি ডিফু চহৰৰ দৈনিক মাছ বজাৰৰ ওচৰত এখনি গ্ৰ’চাৰী দোকানত সংঘটিত হোৱা এক অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত দোকানখন ৷
যোৱা নিশা প্ৰায় ১ মান বজাত ডিফু মাছ বজাৰৰ কাষত থকা ডিটিচি ব্লক নম্বৰ ১০,আৰু ৰুম নম্বৰ ২ দোকানত জুই লাগে বুলি জানিব পৰা গৈছে ৷ তামোল পানৰ পাইকাৰী দোকান সমূহৰ লাইনত থকা গ্ৰচাৰী দোকানখনৰ পৰা জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে ৷ ডিফু শীতলাবাৰী নিৱাসী মনতোষ ভৌমিক উক্ত দোকানখনৰ গৰাকী ৷
ডিফু চহৰৰ কৰ্মৰত নৈশ চকীদাৰ সপন মালাকাৰে ডিফু আৰক্ষীক খবৰ দিয়ে ৷ তৎক্ষণাত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ক্ষীপ্ৰতাৰে দোকানখনৰ অগ্নি নিৰ্বাপন কৰে ৷ দোকানৰ গৰাকীয়ে সাংবাদিকক জানিব দিয়া অনুসৰি উক্ত অগ্নিকাণ্ডত প্ৰায় তিনি লক্ষ্যাধিক টকাৰ সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷
আজি পুৱা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্থানীয় মনোনিত সদস্য অজিত দেই ঘটনস্থলীত পৰিদৰ্শন কৰে ৷ সাংবাদিকৰ সৈতে বাৰ্তালাপত মনোনিত সদস্য অজিত দে’ই কয়যে, এক ভয়ঙকৰ বিপদৰ পৰা ডিফু চহৰ ৰক্ষা পৰিল ৷ নৈশ চকীদাৰ, আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাৰ বাবে জুই অইন ঠাইলৈ বিয়পিব নোৱাৰিলে ৷












