![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যত অব্যাহত ক’ৰনাৰ সন্ত্ৰাস। বিশ্বত অমিক্ৰণ আতংক অব্যাহত থকা সময়তে গুৱাহাটী মহানগৰীৰ ইখন পাছত সিখন শিক্ষানুষ্ঠানত ধৰা পৰি আছে ক’ৰনা আক্রান্ত। সন্দিকৈ মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছতে বি বৰুৱা মহাবিদ্যালয়ত ধৰা পৰিছে ক’ভিড সংক্ৰমণ। উলুবাৰীস্থিত বি বৰুৱা মহাবিদ্যলয়ৰ ৬গৰাকীৰ শিক্ষাৰ্থী বাতৰি লিখা পৰলৈকে ক’ৰনাত আক্ৰান্ত বুলি নিশ্চিত হৈছে।
বি-বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সত্যেন্দ্ৰ নাথ বৰ্মনে কয় যে -৬ গৰাকীৰ শিক্ষাৰ্থী কভিড আক্ৰান্ত হোৱাৰ খবৰ অভিভাৱকে দিছে।
মহাবিদ্যালয় কৰ্তৃপক্ষই আক্রান্ত শিক্ষাৰ্থীসকলক সুস্থ নোহোৱাকৈ মহাবিদ্যালয়লৈ অহাত বাধা প্ৰদান কৰিছে। আক্রান্ত ধৰা পৰিছে কিন্তু মহাবিদ্যালয়ৰ পৰীক্ষা চলি থকাৰ বাবে কর্তৃপক্ষই খোলা ৰখা বুলিও জানিব দিয়ে।
অসম জাতীয় বিদ্যালয়, সন্দিকৈ মহাবিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষাৰ্থী কোৰণাত আক্ৰান্ত হোৱাৰ পিছতে সোমবাৰে গুৱাহাটী বিশ্ব বিশ্ববিদ্যালয়ৰ ২০ গৰাকী শিক্ষাৰ্থী কোৰণাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছিল। আক্রান্ত ধৰা পৰা পাছতে ১৯ ডিচেম্বৰলৈ সম্পূৰ্ণ বিশ্ববিদ্যালয়খন বন্ধ ঘোষণা কৰে কৰ্তৃপক্ষই।













