![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্য চাহ খেতিয়কলৈ ভাল খবৰ। সৰ্বভাৰতীয় পৰ্যায়ত উজ্জ্বলিবলৈ সক্ষম অসমৰ চাহ। ৯৯,৯৯৯টকাত নিলাম ডিব্ৰুগড় মনোহাৰী বাগানৰ চাহ।গুৱাহাটী চাহ নিলাম কেন্দ্ৰত মঙলবাৰে নিজৰে পূৰ্ব অভিলেখ ভংগ কৰি বাগিচাখনৰ ‘মনোহাৰী গল্ড ট্ৰি’ এক কেজিৰ নিলাম হয় ৯৯,৯৯৯ টকাত।
উল্লেখ্য যে গুৱাহাটীৰ বাসিন্দা মাংগিলাল মহেশ্বৰী সৌৰভ ট্ৰি টেড্ৰাচে ক্ৰয় কৰিলে চাহ বিধ।
গুৰুত্বপূৰ্ণ ২০২০বৰ্ষত একেবিধ চাহ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত নিলাম হৈছিল ৭৫ হাজাৰ টকাত।
এই কথা জনালে উত্তৰ-পূৰ্ৱাঞ্চল চাহ সংস্থাৰ চমুকৈ( NETA) উপদেষ্টা বিদ্যানন্দ বৰ কাকতিয়ে।
উল্লেখ্য বিশেষ জৈৱিক পদ্ধতিৰে বাগিচাখনে প্ৰস্তুত কৰে মনোহাৰী গল্ড ট্ৰি।বিশ্ব বজাৰটো চাহ বিধৰ চাহিদা থকা বুলিও জানিব দিয়ে।













