![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
উৎকোচ লৈ চিবিআইৰ জালত পৰিল উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এজন বিষয়া৷ উৎকোচ লৈ থকা অৱস্থাতেই হাতে-লোটে ধৰি গ্ৰেপ্তাৰ কৰে বিষয়াজনক৷ বিষয়াজন হৈছে এনএফ ৰে’লৱে’ৰ মুখ্য প্ৰধান ইলেকট্ৰিকেল ইঞ্জিনিয়াৰ কাৰ্যালয়ৰ বিষয়া ৰঞ্জিত কুমাৰ বৰা৷ কাম আবণ্টনৰ বিনিময়ত এটা প্ৰতিষ্ঠানৰ পৰা ২.৫ কোটি টকাৰ উপঢৌকন বিচাৰিছিল বিষয়াজনে৷ ইয়াৰে ৫০ লাখ টকা আগধন লৈছিল ৰঞ্জিত কুমাৰ বৰাই৷ এই টকাখিনি লৈ থকা অৱস্থাতেই চিবিআয়ে হাতে-লোটে ধৰা পেলায় ৰঞ্জিত কুমাৰ বৰাক৷ এক বিশেষ সূত্ৰৰ পমখেদি মালিগাঁও কাৰ্যালয়তে বৰাক উৎকোচ লৈ থকা অৱস্থাত চিবিআয়ে জালত পেলায়৷ লগতে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰতিষ্ঠানটোৰ সদস্যকো৷













