ASSAM TIMES POST
ষ্ট’কহল্মঃ চুইডেনৰ ১৬ বছৰ বয়সীয়া জলবায়ু কৰ্মী গ্ৰেটা থানবাৰ্গলৈ বুধবাৰে আগবঢ়োৱা হয় চলিত বৰ্ষৰ ৰাইট লাইভলীহোড এৱাৰ্ড। এই বঁটাটোক চুইডেনৰ অল্টাৰনেটিভ ন’বেল প্ৰাইজ হিচাপেও জনা যায়। বিজ্ঞানসন্মতভাৱে জলবায়ু পৰিৱৰ্তন ৰোধৰ ক্ষেত্ৰত ৰাজনৈতিক দাবী সৃষ্টি কৰিব পৰাৰ বাবেই তেওঁলৈ এই সন্মানটি আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে গত সোমবাৰে নিউ ইয়ৰ্কত ৰাষ্ট্ৰ সংঘৰ জলবায়ু সন্মিলনত ভাষণ প্ৰদান কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল গ্ৰেটাই। জলবায়ু পৰিৱৰ্তন ৰোধ কৰিব নোৱাৰাৰ বাবে বিশ্ব নেতাসকলৰ বিৰুদ্ধে গ্ৰেটাই উষ্মা প্ৰদৰ্শন কৰিছিল। তেওঁকে ধৰি মুঠ ৪ জনে এই বঁটাটি লাভ কৰিছে। এই বঁটাত প্ৰতিজনৰ বাবে থাকিব ১ মিলিয়ন চুইডিচ ক্ৰাউন










