![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ডিফু-লামডিং পথত আজি বিয়লি আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত কেপচুলসহ এটা সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জে এছ খবুঙৰ নেতৃত্বত পঞ্চম আৰক্ষী বেটেলিয়নৰ এটা দলে ডিফু-লামডিং পথৰ আঠ কিলো ডক তেৰাং গাঁৱত এক বিশেষ তালাচী অভিযান চলায়।
উক্ত অভিযানৰ সময়তে বিয়লি প্ৰায় চাৰি বজাত এখন নম্বৰ প্লেটবিহীন হোণ্ডা ডিঅʼ স্কুটীত আহি থকা এজন যুৱকক তালাচী চলাই দহটা পেকেটত ১৪০০ টা ছিমপ্লেক্স প্লাছ নিচাযুক্ত কেপছুল জব্দ কৰে। ধৃত সৰবৰাহকাৰীটো ডিফু ৰংকিমিৰ ইমানুৱেল হাঞ্চে (৩৮) বুলি চিনাক্ত কৰা হৈছে।












