ASSAM TIMES POST
ডিফু: কাৰবি পাহাৰত গ্ৰন্থৰ অমিয় সুবাস বিলাই আজি ডিফুত উন্মোচন হ’ল প্ৰয়াত লেখক দেৱেন গগৈৰ “কাৰবি লোককৃষ্টিত মাণিক সন্ধান নামৰ এক অমূল্য গ্ৰন্থ” ৷
মঙলবাৰে সন্ধিয়া ঐতিহ্যময় ডিফু ক্লাৱত এম আৰ এইছ মেম’ৰিয়েল ট্ৰাষ্ট, ডিফু কাৰবি আংলঙৰ উদ্যোগত প্ৰয়াত দেবেন গগৈৰ ” কাৰবি লোককৃষ্টিত মানিক সন্ধান” গ্ৰন্থখনৰ শুভ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ‘ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙে ৷
বালিমাহী কবি পাৰি ৰংপিৰ পৌৰুহিত্যত উন্মোচনী সভাখনৰ গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত পদ্মশ্ৰী ৰংবং তেৰাঙে প্ৰয়াত দেবেন গগৈয়ে কাৰবি আংলঙৰ দূৰ দূৰণিলৈ গৈ ভাষা সাহিত্যৰ চৰ্চা কৰিছিল বুলি কোৱাৰ লগতে সাহিত্যৰ উৎস সমূহ গগৈয়ে সুধী সমাজৰ বাবে উদ্ভাসিত কৰি থৈ গৈছিল ৷
মুখ্য অতিথিৰ ভাষণত সাংসদ হৰেণছিং বে’ই নিজৰ ভাষণত প্ৰয়াত দেবেন গগৈৰ জীৱন দৰ্শনৰ ওপৰত চমু আলোকপাত কৰাৰ লগতে তেওঁৰ সান্নিধ্যত বহু অভিজ্ঞতা পোৱা বুলিও উল্লেখ কৰে তিনি পাৰ্বত্য জিলাৰ সাংসদ গৰাকীয়ে ৷ নিৰ্দিষ্ট বক্তা হিচাপে গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থকা হৃদয়ানন্দ শৰ্মাই ভাষণ প্ৰদান কৰি কয় যে প্ৰয়াত লেখক দেবেন গগৈ পাহাৰত মাণিক বুটলি আমাৰ বাবে সংগৃহিত কৰি থৈ গৈছে ৷
পাহাৰতেই মাণিকৰ সন্ধান ওলায় কেৱল বিচাৰিব জানিব লাগে ৷ এম আৰ এইছ এম মেম’ৰিয়েল ট্ৰাষ্টৰ হৈ কুইন হাজৰিকাই সাংবাদিকৰ আগত কয় যে, তেওঁৰ প্ৰয়াত পিতৃ এম আৰ হাজৰিকাৰ স্মৃতিত সাহিত্য, সংস্কৃতিক উদ্ভাসিত কৰিবলৈ সম্পূৰ্ণ নিজা খৰচত মাজে মাজে বিভিন্ন লেখকৰ গ্ৰন্থ আদি প্ৰকাশ আৰু উন্মোচন কৰাই এমআৰএইছ এম মেম’ৰিয়েল ট্ৰাষ্ট কাৰবি আংলঙৰ ক্ষুদ্ৰ প্ৰয়াস ৷
এই প্ৰয়াসৰ জৰিয়তে সুধী সমাজ উপকৃত হলে তেওঁৰ প্ৰচেষ্টা সফল হ’ ব বুলি আশা ব্যক্ত কৰে ৷ আজিৰ সভাত উপস্থিত থাকে ক্ৰমে, পদ্মশ্ৰী ৰংবং তেৰাঙ,কষ হৃদয়ানন্দ শৰ্মা, বিদ্যাছিং ৰংপি, পাৰি ৰংপি, পৱন কুমাৰ, হৰেণছিং বে’, সাবিত্ৰি গগৈ ৷