ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱত বিজেপিৰ জন জাগৰণ সভাঃ অনুচ্ছেদ ৩৭০ বাতিলৰ ঐতিহাসিক সিদ্ধান্তক সকলোৱে আদৰি লব লাগেঃ ড০ প্ৰদীপ ঠাকুৰীয়া

ASSAM TIMES POST by ASSAM TIMES POST
September 24, 2019
Reading Time: 1 min read
A A
0
নগাঁৱত বিজেপিৰ জন জাগৰণ সভাঃ অনুচ্ছেদ ৩৭০ বাতিলৰ ঐতিহাসিক সিদ্ধান্তক সকলোৱে আদৰি লব লাগেঃ ড০ প্ৰদীপ ঠাকুৰীয়া

কংগ্ৰেছৰ এচাম নেতাৰ পাকিস্তানৰ প্ৰতি দৰদ আছেঃ সাংসদ দিলীপ শইকীয়া

RELATED POSTS

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

logo atp | ASSAM TIMES POSTASSAM TIMES POST

নগাঁওঃ ৰাষ্ট্রীয় একতা অভিযানৰ অংশ হিচাপে আজি নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত বিজেপি দলৰ ১০ নং নগাঁও লোকসভা সমষ্টিৰ এখন জন জাগৰণ সভা অনুষ্ঠিত হয়। “ভাৰতবর্ষৰ সংবিধানৰ অনুচ্ছেদ ৩৭০ বাতিল-ঐতিহাসিক ভুলৰ শুধৰণি” শীর্ষক জনজাগৰণ সভাখনত অংশগ্রহণ কৰি বিজেপি দলৰ অসম ৰাজ্যিক উপ-সভাপতি ড০ প্ৰদীপ ঠাকুৰীয়াই শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ পৰা ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৭০ বাতিলৰ সন্দৰ্ভত জনসংঘৰ দৰে সংগঠনৰ ৭২ বছৰীয়া আন্দোলনৰ ফচল বুলি উল্লেখ কৰে।

c478ae86 0fa0 477b 9bb5 8d53984e3c4e | ASSAM TIMES POST

উপ- সভাপতি ড০ ঠাকুৰীয়াই কয় যে শ্যামাপ্ৰসাদ মুখাৰ্জীকে ধৰি জনসংঘৰ নেতাসকলে কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিলৰ দাবীত অশেষ ত্যাগ স্বীকাৰ কৰিছিল। জনসংঘৰ এই সকল নেতাৰ অৱদানৰ বাবেই আজি জম্মু – কাশ্মীৰৰ জনসাধাৰণে মুক্তি লাভ কৰিবলৈ সক্ষম হৈছে । পূৰ্বতে কাশ্মীৰৰ জনসাধাৰণে পাকিস্তানৰ জয়গান গাবলগা হৈছিল। সেয়ে এই ঐতিহাসিক সিদ্ধান্তক সকলোৱে আদৰি লব লাগে। সভাত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কাশ্মীৰত সংবিধানৰ অনুচ্ছেদ ৩৭০ বাতিলত সন্তুষ্টি প্ৰকাশ কৰি লগতে কয় যে কাশ্মীৰক লৈ পাকিস্তানে দীৰ্ঘদিন ধৰি চক্ৰান্ত কৰি আহিছিল । ভাৰতবর্ষৰ ভূতপূর্ব প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ বাবেই কাশ্মীৰ ভাৰতবর্ষৰ মূল সূঁতিৰ পৰা আতৰি আছিল । আনকি কাশ্মীৰ ভাৰতবর্ষৰ মূল অংগ বুলি কৈ ফুৰিব লগা হৈছিল।

কিন্তু এতিয়া সেই ধাৰণাৰ পৰিসমাপ্তি ঘটিছে। সাংসদ শইকীয়াই লগতে আৰু কয় যে কাশ্মীৰৰ বিভিন্ন ৰাজনৈতিক দলে অনুচ্ছেদ ৩৭০ ৰ জৰিয়তে মুনাফা লৈ আছিল ।আনহাতে এচাম কংগ্রেছ নেতাৰ পাকিস্তানৰ প্ৰতি দৰদ থকা বুলিও সাংসদ শইকীয়াই অভিযোগ কৰে। প্ৰসংগ ক্ৰমে তেওঁ কোনো সংগঠনৰ নাম উল্লেখ নকৰাকৈ বিজেপি আৰু আৰ এচ এচ থকালৈকে স্বাধীন অসম ,স্বাধীন নগালেণ্ড আদি দাবী কেতিয়াও পুৰণ নহয় বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে ।

জন জাগৰণ সভাত অংশগ্রহণ কৰি প্ৰাক্তন কেন্দ্ৰীয় ৰেলৰাজ্য মন্ত্রী ৰাজেন গোহাঁইয়ে কাশ্মীৰত সংবিধানৰ অনুচ্ছেদ ৩৭০ বাতিলৰ সিদ্ধান্ত প্ৰধান মন্ত্ৰী নৰেন্দ্র মোডী চৰকাৰৰ দিনতহে সম্ভৱ বুলি মন্তব্য কৰি লগতে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্র মোডীৰ জনপ্রিয়তা ভাৰতবর্ষতে সীমাৱদ্ধ হৈ থকা নাই ।আমেৰিকাৰ দৰে দেশতো মোডী এগৰাকী অতি জনপ্রিয় নেতা হিচাপে স্বীকৃতি লাভ কৰিছে। সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰে ।

নগাঁও জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰঞ্জিত বৰদলৈয়ে আঁত ধৰা জন জাগৰণ সভাখনত ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস , বটদ্ৰৱা সমষ্টিৰ বিধায়কা আঙুৰলতা ডেকা,অসম চলচ্চিত্ৰ নিগমৰ উপাধ্যক্ষ অভিজিৎ নাথ, নগাঁও জিলা বিজেপিৰ সভাপতি জয়ন্ত নাথ, বিজেপি নেতা মহেন্দ্ৰ কোঁৱৰৰ উপৰি বিজেপিৰ হোজাই, মৰিগাঁও জিলা সমিতিৰ সভাপতি সকল উপস্থিত থাকে । ইপিনে আজি পুৱা প্ৰতিকুল বতৰক নেওচি জন জাগৰণ সভাখনত ১০ নং নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ কেইবা সহস্রাধিক নেতা,কৰ্মী আৰু সমৰ্থকে যোগদান কৰে ।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

by Staff Reporter
July 27, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
ADVERTISEMENT
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
50
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
50
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions
NORTHEAST

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026
50
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

July 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx