![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
সোমবাৰে গুৱাহাটীস্থিত পিডব্লিউডি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় প্ৰথম নৰেশ মিত্ৰ স্মৃতি বক্তৃতানুষ্ঠান। উল্লেখ্য, নৰেশ মিত্ৰ আছিল The Assam Tribune কাকতৰ ষ্টাফ ৰিপ’ৰ্টাৰ। বিগত বৰ্ষত কৰ্তব্যৰ পৰা উভতাৰ পথত এক ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হয় এইগৰাকী নিৰ্ভীক আৰু নিৰপেক্ষ যুৱ সাংবাদিকৰ।
সাংবাদিক নৰেশ মিত্ৰৰ এইবছৰৰ পৰা আৰম্ভ কৰা হৈছে নৰেশ মিত্ৰ স্মৃতি বক্তৃতামালাৰ। অনুষ্ঠানৰ উদ্যোক্তা ইনষ্টিটিউট অব মেডিয়া এণ্ড ডেভেলপমেণ্ট ষ্টাডিজ আৰু সতীৰ্থ নামৰ সন্মিলিত সাংবাদিকৰ দুটা অনুষ্ঠান।
এইবাৰৰ বক্তৃতাৰ বিষয় আছিল Conservation of Wildlife in North-East : Climate change and its emerging challanges। বক্তৃতা প্ৰদান কৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষ ডঃ অৰূপ কুমাৰ মিশ্ৰয়ে। আনহাতে, অনুষ্ঠানখন সঞ্চালনা কৰে ডঃ অৰূপ কুমাৰ মিশ্ৰই।













