![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ আৰু অসম আৰক্ষীৰ তৎপৰতাত বিগত কেইবা মাহত অসম আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ৷ লগতে গ্ৰেপ্তাৰ হৈছে বহুকেইজন ড্ৰাগছ সৰবৰাহকাৰী৷ অসম আৰক্ষীৰ এই ড্ৰাগছবিৰোধী অভিযানতে শনিবাৰে আজাৰাত জব্দ হয় বৃহৎ পৰিমানৰ ড্ৰাগছ। এক গোপন সূত্ৰৰ পম খেদি আজাৰা আৰক্ষীয়ে বৰঝাৰ বিমানবন্দৰৰ সমীপৰ এখন ধাবাত উক্ত ড্ৰাগছখিনি জব্দ কৰে।
অভিযানৰ নেতৃত্ব দিয়ে আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাই। উক্ত অভিযানত জব্দ কৰা হয় প্ৰায় ৫০০ গ্ৰাম ওজনৰ ড্ৰাগছ৷ জানিব পৰা মতে, ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা৷ ড্ৰাগছ সৰবৰাহত জড়িত দুজন লোককো আটক কৰে আৰক্ষীয়ে। লোক দুজনৰ এজন গুৱাহাটীৰ বেহাৰবাৰীত ভাৰাতীয়া হিচাপে থকা বৰপেটাৰ আব্দুল মতলিব৷ আনগৰাকী মেঘালয়ৰ ৰেটিলা মাৰাক নামৰ এগৰাকী মহিলা।













