![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : মোবাইল ফোন চোৰৰ বিৰুদ্ধে ডিফু আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা ৷ প্ৰাপ্তখবৰ অনুসৰি গুৱাহাটীৰ পল্টন বাজাৰ আৰক্ষীৰ সহযোগত ডিফু আৰক্ষীয়ে এগৰাকী যুৱতীৰ পৰা উদ্ধাৰ কৰিছে তিনিটাকৈ মোবাইল ফোন ৷
ধৃত যুৱক গৰাকী হোজাই জিলাৰ লামডিঙৰ শীতলাপথ শীতলাপথ ৱাৰ্ড নম্বৰ ১ৰ পুজন দেৰ ছোৱালী সোনা দে ওৰফে বাৰ্ণা দে (১৯) বুলি চিনাক্ত কৰা হৈছে ৷ যুৱতী গৰাকীয়ে যোৱা ৩০ নৱেম্বৰত ডিফুৰ পুলিছ ৰিজাৰ্ভৰ এলেকাৰ পৰা তিনিটাকৈ মোবাইল ফোন চুৰ কৰিছিল বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷ ধৃত যুৱতী গৰাকীক ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৮০ মতে ডিফু থানাত ৩৪৬/২১ গোছৰ ৰুজো দি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷













