![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কৰ্তব্যত গাফিলটি অভিযোগত গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালৰ ফাৰ্মাচিষ্ট মুকিবোৰ ৰহমানক নিলম্বন। চিকিৎসালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাই এক জাননী জৰিয়তে বৃহস্পতিবাৰে নিলম্বন কৰে ফাৰ্মাচিষ্ট গৰাকীক।
উল্লেখ্য জিএমচিএইচৰ কেন্দ্ৰীয় ফাৰ্মাচীত ৰোগীৰ বাবে উপলব্ধ জীৱন দায়নী ঔষধ জাৰি নকৰা ক্ষেত্ৰত চৰকাৰী কৰ্তব্য গাফিলটি কৰা অভিযোগৰ ভিত্তিতে নিলম্বন কৰা হয়। নিলম্বিত ফাৰ্মাচিষ্টগৰাকী ঘৰ মিৰ্জাত।













