![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : বোকাজান মহকুমাৰ খটখটীত আজি বিয়লিভাগত সংঘটিত হোৱা এক ভয়াবহ পথ দুৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহী থিতাতে নিহত হোৱাৰ লগতে এখন বিলাসী বাহন জ্বলি ভষ্মীভূত হয় ৷ শিহৰণকাৰী এই পথ দুৰ্ঘটনাৰ লাভ কৰা তথ্য অনুসৰি আজি বিয়লি প্ৰায় ১-৩০ বজাত বোকাজানৰ পৰা ডিমাপুৰ অভিমুখে তীব্ৰ বেগে গৈ থকা এন এল ০৫ ৯২৭০ পঞ্জীয়ন নম্বৰৰ ইক’ স্পৰ্টৰ্চ খটখটী থানা অন্তৰ্গত গৌতমবস্তিত বিপৰীত দিশৰ পৰা আহি থকা দুখনকৈ মটৰ চাইকেল মহতিয়াই নিয়ে ৷
প্ৰথমতে এখন মটৰচাইকেলত খুন্দাৰ মৰাৰ লগতে মটৰ চাইকেলখন কমেও ৫০ মিটাৰ দূৰলৈকে চোঁচৰাই নিয়ে ৷ ইয়াৰ লগতে তীব্ৰ বেগী বাহনখনে আন এখন মটৰ চাইকেলতো খুন্দা মাৰে ৷ ইয়াৰ পিছতে ইক’ স্পৰ্টছ বাহনখনত জুই লগাৰ লগতে অলপ সময়ৰ ভিতৰতে বাহনখন জ্বলি ভস্মীভূত হয় বুলি জানিব পৰা গৈছে ৷ বাহনখনত থকা দুয়োগৰাকী আৰোহী দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷
আনহাতে উক্ত পথ দুৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহী থিতাতে নিহত হোৱাৰ লগতে আন চাৰিজন লোক কম-বেছি পৰিমাণে আহত হয় ৷ দুৰ্ঘটনাত নিহত যুৱকজন গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ আলতাফ হুছেইন বুলি জানিব পৰা গৈছে ৷ অগ্নিনিৰ্বাপকৰ লোক ঘটনাস্থলীত হৈ জুই নিৰ্বাপন কৰে যদিও গাড়ীখন জুইত জাহ যায় ৷
আনহাতে গাড়ীখনত কেইবাটাও বিলাতী সুৰাৰ কাৰ্টুন থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আজি দুৰ্ঘটনাত পতিত মটৰ চাইকেল দুখনৰ পঞ্জীয়ন মন্বৰ ক্ৰমে, এনএল ০৭ চি ৮৬৮৭ আৰু এনএল ০৭ এইছ ৭০১১৷












