নিউজ ডেস্কঃ
ছোৱালী হৈও পঢ়িব বিচাৰিছিল তেওঁ। বাকী ছোৱালীবোৰৰ শিক্ষাক লৈও মাত মাতিছিল তেওঁ। সেয়াই আছিল অপৰাধ! তাৰ বাবে তালিবানে গুলিয়াইছিল ১৫ বছৰীয়া কিশোৰীগৰাকীৰ মূৰত। তথাপি তেওঁৰ উদ্যম কমা নাছিল। হস্পিটেলৰ বিছনাত শুই শুইয়ে ইটোৰ পিছত সিটো যুদ্ধ কৰি গৈছিল। তাৰ পিছত লাভ কৰে শান্তিৰ নোবেল। বিশ্বৰ কনিষ্ঠ নোবেলজয়ী মালালা এইবাৰ স্নাতক হ’ল।
বিগত বছৰৰ জুনতেই তেওঁ স্নাতক উত্তীৰ্ণ হৈছিল অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা দর্শন, ৰাজনীতি আৰু অর্থনীতি বিষয় লৈ। কিন্তু কৰোনাৰ বাবে সমাবর্তন অনুষ্ঠান পিছুৱাই যায়। অৱশেষত হ’ল সমাবৰ্তন। মূৰত গ্ৰেজুৱেচন কেপ, গাত ক’লা কোট পিন্ধি আনুষ্ঠানিকভাবে স্নাতক হ’ল পাকিস্তানৰ মালালা ইউছুফজাই। অনুষ্ঠানৰ পিছত নিজেই ইনষ্টাগ্রামত সেই পোষ্ট দিয়ে মালালাই।