ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সৌজন্যত তথা টুম্প্ৰেঙ কপিলীপৰীয়া সাহিত্য সভাৰ সহযোগত আৰু গংগানগৰ ডিমাছা সমাজৰ আতিথ্যত আয়োজন কৰা ফাইমিবাৰ ৰাইজুং সোঁৱৰণী ‘সঙ্গীত ৰত্ন বঁটা ২০২১’ প্ৰদান অনুষ্ঠানটি গংগানগৰ ডিমাছা ক্লাৱৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰা হয় ৷
জিলা সাহিত্য সভাৰ সভাপতি ৰাণা কাফলেৰ সভাপতিত্বত পৰিচালিত হোৱা সভাখনিত বিশিষ্ট সংগীত শিল্পী হাচিনা হাফলংবাৰক সংগীতৰ ক্ষেত্ৰখনত বিশেষ অৰিহণা আগবঢ়োৱাৰ বাবে ”সঙ্গীত ৰত্ন বঁটা ২০২১” প্ৰদান বঁটা প্ৰদান কৰা হয় ৷ অনুষ্ঠানৰ আঁদৰণি ভাষণত বিশিষ্ট সমাজ সেৱক ৰিজুমনি লাংঠাছাই ঠাইখনিৰ নাম গংগানগৰ হোৱাৰ সন্দৰ্ভত ইতিহাস প্ৰসিদ্ধ বিভিন্ন ঘটনা-পৰিঘটনাৰ সবিশেষ বৰ্ণনা কৰে ৷
বিশিষ্ট কন্ঠশিল্পী হাছিনা হাফলংবাৰৰ জীৱনবৃত্তান্তৰ ওপৰত আলোকপাত কৰে টুম্প্ৰেং কপিলীপৰীয়া শাখা সাহিত্য সভাৰ সভাপতি কেশৱ চন্দ্ৰ উপাধ্যায়ে ৷ সমান্তৰালকৈ শিল্পীগৰাকীয়ে নিজৰ কন্ঠৰ কেইবাটিও গীত পৰিবেশন কৰি উপস্থিত সংগীত আৰু সাহিত্যপ্ৰেমী ৰাইজক আপ্লুত কৰি তোলে ৷
তাৰোপৰি মুখ্য অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট কবি-সাহিত্যিক-সাংবাদিক-বোলছবি পৰিচালক মোলান লস্কৰে ভাষণত উল্লেখ কৰে যে ডিমাছা সকল বড়ো সাহিত্যৰ সৃষ্টিকৰ্তা হৈও আজিৰ তাৰিখত নিজৰ ভাষা-সাহিত্যক জীপাল কৰি ৰখাত কিছু পৰিমাণে ব্যৰ্থ হৈছে বুলি প্ৰকাশ কৰে ৷ সভাত বিশিষ্ট সমাজ সেৱক দিত্যলাল হাষ্ণু, তাৰ্জান লাংঠাছা, অলকা বাঠাৰী, অম্বালিকা দেউৰী আৰু বিষ্ণু নিৰোলাই সমগ্ৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে ৷
উল্লেখযোগ্য যে নৱনিৰ্বাচিত সভাপতি সভাৰাম বৰাই অনুষ্ঠানটিৰ সূত্ৰধাৰী হিচাপে অসমীয়া ভাষাত আঁত ধৰি ভাষাটিৰ মান নিম্নতমগামী কৰাৰ সমান্তৰালকৈ ‘হাষ্ণু’ শব্দটি হানচু আৰু ‘অধ্যক্ষ’ শব্দটি উপাধাক্ষ্য হিচাপে উপস্থাপন কৰি হাঁহিয়তাৰ পাত্ৰ হোৱাৰ সমান্তৰালকৈ অসমীয়া ভাষাৰ সৰহসংখ্যক উচ্চাৰণেই পৰিবেশন কৰি সচেতন সাহিত্য চৰ্চাকাৰীৰ সমালোচনাৰ সন্মুখীন হয় ৷