নিউজ ডেস্কঃ
২০২১ৰ মার্চ মাহৰ তথ্য মতে, ভাৰতত প্রায় ৮০ কোটি মানুহে ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰি আছে। আনহাতে, ৰাজ্য হিচাবত চাবলৈ গ’লে ইণ্টাৰনেট ব্যৱহাকীৰৰ সংখ্যা সকলোতকৈ বেছি মহাৰাষ্ট্রত৷ ৰাজ্যখনৰ ৬১% লোকৰ হাতত ইণ্টাৰনেট সেৱা উপলব্ধ৷ দ্বিতীয় আৰু তৃতীয় স্থানত ক্ৰমে গোৱা (৬০%) আৰু কেৰালা (৫৯%)। একেবাৰে শেষৰ পিনে বিহাৰ (২৪%) আৰু তাৰ ওপৰত ঝাড়খণ্ড (২৯%)।
২০১৬ৰ শেহতীয়া পৰিসংখ্যা অনুযায়ী, ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ আনুমানিক সংখ্যা আছিল ২৪%৷ অৰ্থাৎ প্রায় ৩১ কোটি মানুহৰ হাতত আছিল ইণ্টাৰনেট সেৱা। ২০১৯ চনত এই সংখ্যা বৃদ্ধি হৈ ভাৰতৰ মুঠ জনসংখ্যাৰ প্রায় ৪১ শতাংশৰ হাতলৈ আহে ইণ্টাৰনেট পৰিসেৱা। বিস্ব বেংকৰ তথ্য মতে, সেই সময়ত চীনৰ ৬৪.৬% লোকৰ হাতত ইণ্টাৰনেট সেৱা উপলব্ধ আছিল। আনহাতে, ইণ্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত পুৰুষ-মহিলাৰ অনুপাত চহৰ অঞ্চলত ৫৭:৪৩ আৰু গ্ৰামাঞ্চলত ৫৮:৪২।