![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কার্বিসকলৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰ চর্চা, সংৰক্ষণ আৰু সংবর্ধনৰ বাবে যোৱা কেবাটাও দশক ধৰি গুৰুত্বপূর্ণ ভূমিকা পালন কৰি অহা কার্বি সাংস্কৃতিক সমাজ (কে চি এছ)ৰ এখনি বিশেষ অধিৱেশন অহা ২৭-২৮ নৱেম্বৰত ডিফুৰ সমীপৰ তাৰালাংছৰ সাংস্কৃতিক প্রকল্পত অনুষ্ঠিত কৰা হ’ব।
কার্বি সাংস্কৃতিক সমাজৰ সভাপতি-সম্পাদক ক্রমে চন্দ্রছিং ক্র’ আৰু বিদ্যাছিং ৰমপিয়ে আজি বিয়লি তাৰালাংছত এক সংবাদমেলৰ আয়োজন কৰি এই কথা ঘোষণা কৰে। সংবাদমেলত কেচিএছৰ নেতৃবর্গই উল্লেখ কৰা অনুসৰি, প্রতি তিনি বছৰৰ বিৰতিত কার্বি সাংস্কৃতিক সমাজৰ সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰাৰ লগতে উক্ত অধিৱেশনতে কার্বি সাংস্কৃতিক সমাজৰ পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়।
চলিত বর্ষব জানুৱাৰীতে উক্ত অধিৱেশন হ’ব লাগিছিল যদিও কৰোনা মহামাৰিসৃষ্ট কেতবোৰ বাধা নিষেধৰ বাবে জানুৱাৰীত উক্ত সাধাৰণ সভাখন অনুষ্ঠিত কৰিব পৰা নগ’ল।
অৱশ্যে, যোৱা ২৬ আগষ্টত কে চি এছৰ ২৭ খন মাণ্ডলিক সমিতিৰ সৈতে এখন যুটীয়া কার্যানির্বাহক সভা অনুষ্ঠিত কৰাৰ লগতে উক্ত সভাত পূর্বৰ সমিতিখনকে পৰৱর্তী তিনিটা বছৰৰ বাবে কার্বি সাংস্কৃতিক সমাজৰ নেতৃত্বৰ দায়িত্ব অর্পণ কৰা হয়।
উল্লেখযোগ্য যে, কার্বি সাংস্কৃতিক সমাজৰ নীতি অনুসৰি কোনো কাৰণতে সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহ’লেও বিশেষ অধিৱেশন অনুষ্ঠিত কৰি নতুন সমিতিৰ অনুমোদন লোৱাৰ প্রয়োজন। সেয়েহে, অহা ২৭ আৰু ২৮ নবেম্বৰত দুদিনীয়া কার্যসূচীৰে কার্বি সাংস্কৃতিক সমাজৰ এখনি বিশেষ অধিৱেশনৰ আয়োজন কৰা হৈছে। উক্ত অধিৱেশনত কার্বি আংলঙৰ লগতে অন্য জিলাৰো পাঁচ শতাধিক প্রতিনিধিয়ে অংশগ্রহণ কৰিব বুলি কার্বি সাংস্কৃতিক সমাজৰ নেতৃবর্গই সংবদমেলত অৱগত কৰে।
আনহাতে, উক্ত অধিৱেশনত ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া কার্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী অনুষ্ঠান সম্পর্কেও আলোচনা কৰা হ’ব বুলি কার্বি সাংস্কৃতিক সমাজৰ সাধাৰণ সম্পাদক বিদ্যাছিং ৰংপিয়ে জানিবলৈ দিয়ে।












