![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
প্ৰাপ্য দাবীত অঙ্গনবাড়ীৰ কর্মীৰ সহায়িকা সন্থাৰ গুৱাহাটীত প্ৰতিবাদ। উজানবজাৰস্থিত সমাজ কল্যাণ বিভাগৰ সঞ্চালকালয় কাৰ্যালয় সন্মুখত সাব্যস্ত কৰে বিক্ষোভ সমাবেশ। প্ৰায় দুই শতাধিক অঙ্গনবাড়ী কর্মী আৰু সহায়িকাই সাব্যস্ত কৰে প্ৰতিবাদ।
‘চৰকাৰে শিশু আৰু মাতৃ কল্যাণৰ প্ৰায়বোৰ কামত নিয়োজিত কৰে। কিন্তু চৰকাৰী চাকৰিয়ালৰ মৰ্যদাৰ নিদিয়ে আমাক’- প্ৰতিবাদত অংশ লৈ এইদৰে কয় অঙ্গনবাড়ী কর্মী আৰু সহায়িকাসকলে। তেওঁলোক দাবী মাননিৰ সলনি প্ৰদান কৰিব লাগে মজুৰী। বিভাগীয় নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি প্ৰদানৰ লগতে ২১হাজাৰ টকা মাহিলী ন্যূনতম মজুৰী প্ৰদান কৰিব লাগে।
ইয়াৰ উপৰিও মিনি কেন্দ্ৰসমূহক পূৰ্ণাংগ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ লগতে মিনি কেন্দ্ৰ কর্মীসকলক সাধাৰণ কৰ্মীৰ সম-মৰ্য্যদা প্ৰদান কৰা দাবী জনায়। একেদৰে খালি থকা কর্মীপদত কৰ্মৰত সহায়িকাক কর্মী পদলৈ পদোন্নতি আৰু বয়সৰ সীমা প্ৰত্যাহাৰ কৰিব লাগে।
কর্মী-সহায়িকাসকলক অৱসৰ সময়ত পেঞ্চন প্ৰদান কৰা। এই পেঞ্চন কাৰ্যকৰী নোহোৱালৈকে কৰ্মীক ৫লাখ টকা আৰু সহায়িকাসকলক ৩ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰো দাবী জনায়।
বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে সমাজ কল্যাণ সঞ্চালকালয়ত স্মাৰক পত্ৰ প্ৰদান কৰে।
মঙলবাৰৰ প্ৰতিবাদত উপস্থিত থাকে সন্থাৰ সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰ, সভানেত্ৰী জয়মতী দাস।













