ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু:ৰাজ্যজুৰি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী ২০২২ ৰ লগত সংগতি ৰাখি ও নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে দেউবাৰে কাৰবি আংলং জিলা নিৰ্বাচনী বিষয়াৰ আহ্বান মৰ্মে এক বিশেষ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷
সজাগতা কাৰ্যসূচীৰ অংশ স্বৰূপে দেউবাৰে পুৱা ডিফু কাছা ষ্টেডিয়ামৰ পৰা ডিফু চহৰৰ মাজেৰে ভোটাৰৰ প্ৰতি সজাগতা উদ্দেশ্যৰে ৱাকাথন অনুষ্ঠিত কৰা হয় ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙ্গীয়াই কয়যে, নিৰ্বাচনৰ আয়োগৰ নিৰ্দেশ মৰ্মে ১৩, ১৪,২১ আৰু ২৭ নৱেম্বৰত সমগ্ৰ জিলাতেই ভোটাৰ তালিকাৰ বিশেষ সংশোধনী ২০২২ৰ বাবে কেতবোৰ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷
আজি পুৱাৰ ভাগতে ডিফু কাছা ষ্টেডিয়ামত এথলেটিকচ, পৰ্বাতাৰোহী আৰু এনচিচি ক্ৰেডেট সকলৰ অংশ গ্ৰহণেৰে ডিফু চহৰৰ মাজেৰে ৱাকাথন উলিওৱা হয় ৷ অংশ গ্ৰহণ কাৰী সকলে ডিফু কাছা ষ্টেডিয়ামৰ পৰা ডিফু টাউনহৈ ডিফু চৰকাৰী বালক বিদ্যালয় পথেৰে পুণৰ কাছা ষ্টেডিয়ামলৈ ঘূৰি আহে ৷
বিষয়া গৰাকীয়ে ইয়াকো কয়যে , ইতিমধ্যে ১৮ বছৰ সম্পূৰ্ণ হোৱা যুৱক-যুৱতী আৰু ২০২২ৰ ১ জানুৱৰীত ১৮ বছৰ সম্পূৰ্ণ হব লগীয়া যুৱক-যুৱতী সকলে ভোটাৰ তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰাৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায় ৷ আজিৰ সজাগতামূলক ৱাকাথন কাৰ্যসূচীত জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া চন্দ্ৰধ্বজ সিনহা আৰু কাৰবি আংলং জিলাৰ আদৰ্শ পুৰুষ তথা এভাৰেষ্ট বিজয়ী খৰছিং টেৰণেও অংশ গ্ৰহণ কৰে ৷
ইয়াৰোপৰি ভোটাধিকাৰ সম্পৰ্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ জিলা তথ্য আৰু জনসংযোগ বিভাগে মাইকযোগে প্ৰচাৰ কৰা পৰিলক্ষিত হয় ৷