নিউজ ডেস্কঃ
ZTE-ৰ Axon 30 ছিৰিজ সমগ্ৰ বিশ্বতে অতি জনপ্রিয়। ZTE Axon 30 Ultra ফ্লেগশ্বিপ মডেল ইয়াত অন্তর্ভুক্ত কৰা হৈছে। বৰ্তমান কোম্পানীটোৱে ফোনবিধৰ এটি নতুন মডেল মুকলি কৰিবলৈ আগবাঢ়িছে যিয়ে মেমৰি কনফিগাৰেচনৰ ক্ষেত্রত সকলো ৰেকর্ড ভংগ কৰিব। জানিব পৰামতে উক্ত মডেলটো অহা ২৫ নৱেম্বৰত মুকলি কৰা হ’ব।
এই ফোনটোক 18 GB RAM আৰু 1TB ইণ্টাৰনেল ষ্টোৰেজ থকা বিশ্বৰ প্রথম ফোন বুলি কোৱা হৈছে। চীনা কোম্পানীটোৱে লগতে জনাইছে, এই আসন্ন Axon 30 Ultra Space সীমিত সংস্কৰণত উপলব্ধ হ’ব।
কি কি বিশেষত্ব থাকিব এই মডেলটোত ?
ফোনটোৰ মূল্য এতিয়াও জনোৱা হোৱা নাই, মুকলি কৰাৰ সময়ত জানিব পৰা যাব। ইয়াত থাকিব 1080 x 2400 পিক্সেলৰ সম্পূৰ্ণ HD+ স্ক্রিন ৰিজলিউচন, 144Hz ৰিফ্রেছ ৰেট, ২০:৯ এছপেক্ট ৰেচিও আৰু কর্নিং গৰিলা গ্লাছ ৫ সুৰক্ষাসহ ইয়াত ৬.৬৭ ইঞ্চিৰ AMOLED ডিছপ্লে আছে।
লগতে আছে LPDDR5 RAM আৰু UFS 3.1 ষ্টোৰেজ। পিছফালে এটি কোৱাড-কেমেৰা ছেটআপ আছে যাৰ ভিতৰত এটি ৬৪ মেগাপিক্সেল প্রাথমিক কেমেৰা, এখন ৬৪ মেগাপিক্সেল ৱাইড-এঙ্গল লেন্স, ১২০ ডিগ্রি FOV-সহ এটি ৬৪ মেগাপিক্সেল আল্ট্রাৱাইড শ্বুটাৰ আছে।
ছেলফি আৰু ভিডিও কলিঙৰ বাবে স্মার্টফোনটোত এটি ১৬ মেগাপিক্সেল স্নেপাৰ আছে। এণ্ড্ৰয়েড অপাৰেটিং ছিষ্টেমত চালিত এই ফোনটিত এটি 4,600mAh বেটাৰী আছে যিটোৱে 66W ফাষ্ট চার্জিং ছাপ’র্ট কৰে।