![]()
নিউজ ডেস্কঃ
আইপিএলত কলকাতা নাইট ৰাইডাৰ্ছ, চিপিএলত ট্রিনবাগো নাইট ৰাইডাৰ্ছৰ পিছত এইবাৰ আৰু এটি দল ক্ৰয় কৰিলে বলিউড বাদশ্বাহ শ্বাহৰুখ খানে। সংযুক্ত আৰব ৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগা এমিৰেটছ টি-২০ লিগত এটি দল ক্ৰয় কৰে তেওঁ। অৱশ্যে দলটোৰ নাম এতিয়াও জানিব পৰা হোৱা নাই।
জানিব পৰা মতে, ছয়টা দলৰ উক্ত টুর্নামেন্টত ইতিমধ্যেই পাঁচটা দল নিশ্চিত হৈছে। শ্বাহৰুখৰ উপৰি দল ক্ৰয় কৰিছে আইপিএলৰ আৰু দুই ফ্ৰেন্সাইজি মুকেশ আম্বানীৰ মুম্বাই ইণ্ডিয়ান্স আৰু কিৰণ কুমাৰ গ্রান্ধিৰ দিল্লী কেপিটেলছে।
আইপিএলৰ প্রাক্তন চীফ অপাৰেটিং বিষয়া সুন্দৰ ৰমনৰ মস্তিষ্কপ্রসূত এই প্রতিযোগিতা আগন্তুক জানুৱাৰী মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। আয়োজকৰ দায়িত্বত আছে এমিৰেটছ ক্রিকেট বোর্ড।













