ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু :“শুনিয়োক সৰ্বজন কৃষ্ণত অৰ্পিয়া মন, মহাভাগৱত কথাসাৰ ৷৷
ইসে পূষাণৰ সূৰ্য ভকতিৰ প্ৰকাশক
সমস্ত বেদৰ সাৰোদ্বাৰ ৷৷”
পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুৰ আকাশে-বতাহে এতিয়া কেৱল কৃষ্ণ ভজন ৷ অসমৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱসকলৰ বাৰেৰহণীয়া সুৰত অবিৰত কৃষ্ণ ৰসত মুখৰিত হৈ পৰিছে অট’নগৰী ডিফু ৷
ডিফুৰ শ্ৰীমন্ত শংকৰ দেৱ কলা-কৃষ্টি সংঘ (নামঘৰ) ধৰমনালা ডিফুৰ উদ্যোগত যোৱা, ইং, ১৬ নৱেম্বৰ পৰা ১৯ নৱেম্বৰ লৈকে ৪ দিনীয়া কাৰ্যসূচীলৈ প্ৰভুৰ শ্ৰীচৰণত আশীষ বিচাৰি এভাগী অখণ্ড ভাগৱত পাঠ চলি আছে ৷ এইলৈ উদ্যোক্তাসকলে ক’ভিড-১৯ৰ সকলো নীতি-নিয়ম পালন কৰি অখণ্ড ভাগৱত পাঠৰ পৰিচানা কৰা পৰিলক্ষিত হৈছে ৷
কাৰ্য ক্ৰমণিকা অনুসৰি ১৬ নৱেম্বৰত পুৱা প্ৰাতঃপ্ৰসংগ, পুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰে ধৰমনালা কলা কৃষ্টি সংঘৰ সভাপতি বসন্ত খনিকৰে ৷ পুৱা ৯বজাত বন্তি প্ৰজলন, ভাগৱতৰ প্ৰতিষ্ঠা ও পাঠৰ শুভাৰম্ভ অবিৰত ভাগৱত পাঠৰ মুখ্য পৰিচালকৰ দায়িত্বত থাকে দিলীপ কুমাৰ ফুকন ৷
১৭ নৱেম্বৰত অবিৰত ভাগৱত পাঠ,১৮ নৱেম্বৰত অবিৰত ভাগৱত পাঠ৷ ১৯ নৱেম্বৰত ভাগৱত পাঠৰ শুভ সমাপন, পৰিভ্ৰমন, নাম-প্ৰসংগ পৰিচালনা কৰিব দেৱকান্ত বৰুৱাই ৷ ৪-৩০ ধৰ্ম ধ্বজা অৱনমন, ৫ বজাত বন্তি প্ৰজলন৷ অখণ্ড ভাগৱত পাঠৰ বাবে ডিফু, হাওৰাঘাট, দুলীয়াজান, লক্ষীমপুৰ, বোকাখাত, সৰুপথাৰ ৰজাপথাৰ, আৰু চুঙাজানৰ পৰা ভকতসকলক আমন্ত্ৰণ কৰি অনা হৈছে ৷
অখণ্ড ভাগৱত পাঠৰ জৰিয়তে কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱন কৰিবলৈ আৰু সেৱা নিৱেদন কৰিবলৈ ডিফুৰ শ্ৰীমন্ত শংকৰদেৱ ক’লা-কৃষ্টি সংঘ (নামঘৰ)লৈ অঞ্চলটোৰ ভক্তপ্ৰাণসকলৰ লানি নিছিগা সোঁত বৈছে ৷