![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : “কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ সাহায্য পুঁজিৰ অধীন জিলাখনৰ সাংবাদিকসকলৰ চিকিৎসাৰ খৰচ বহন কৰা হ’ব ৷” বুধবাৰে কাৰবি সাংস্কৃতিক প্ৰকল্প তাৰালাংচ’ত কাৰবি আংলং জিলা প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত মুখ্য কাৰ্যবাহী সদস্য হিচাপে উপস্থিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷
ইয়াৰোপৰি জিলা প্ৰেছ ক্লাব নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি আৱণ্টন দিয়াৰ লগতে জিলা প্ৰেছ ক্লাৱৰ কাৰ্যালয় নিৰ্মাণৰ বাবে ১ কোটি টকা প্ৰদান কৰা হ’ব বুলি কয় নেতাগৰাকীয়ে ৷ সংবাদ মাধ্যমৰ সহযোগিতা নহ’লে কাৰবি আমলঙত শান্তি আৰু উন্নয়ণ সম্ভৱ নহ’লহেঁতেন বুলি মন্তব্য কৰে ৰংহাঙে ৷ বুধবাৰে পুৱাৰ ভাগত জিলা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি দিগন্ত টেৰণে ৷
ইয়াৰ পিছত জিলা তথ্য আৰু জনসংযোগ বিষয়া উৎপল ডিমাচাক অনুসৰণ কৰি সাংবাদিকসকলে শ্বহীদসকলৰ প্ৰতি ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ বিয়লি ১ বজাত জিলা প্ৰেছ ক্লাৱৰ সভাপতি দিগন্ত টেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকল উপস্থিত থাকি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সৌষঠৱ বৃদ্ধি কৰে ৷
সভাত জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই নিজৰ ভাষণ প্ৰসংগত কয় যে, সাংবাদিকসকলৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰাৰ লগতে এইবাৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ থীম” সংবাদ মাধ্যমক কোনে সমীহ নকৰে”ৰ তাৎপৰ্য বিশ্লেষণ কৰি উপস্থিত সাংবাদিকসকলৰ দৃষ্টি আকৰ্ষণ কৰে ৷
আনহাতে সন্মানীয় অতিথি হিচাপে উপস্থিত থকা সাংসদ হৰেণছিং বে’ই ভাষণ প্ৰসংগত সাংবাদিকসকল সমাজ সংস্কাৰক সকলোৱে বন্ধু ভাবাপন্ন মনোভাৱেৰে আগবাঢ়িব লাগে ৷ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ নাথে বহুমূলীয়া ভাষণেৰে সাংবাদিকসকলৰ দৃষ্টি আকৰ্ষণ কৰে ৷
আনহাতে জিলা আৰক্ষী উপাধ্যক্ষ (সীমান্ত) জে আৰ মালাকাৰে সংবাদ মাধ্যম আৰু আৰক্ষীৰ দায়িত্ব প্ৰায় একেই বুলি কয়, সাংবাদিকসকলে যেনেকৈ শুদ্ধ বাতৰি পৰিৱেশন নকৰিলে সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে, তেনেদৰে এগৰাকী আৰক্ষী বিষয়াই শুদ্ধ তদন্ত নকৰিলে প্ৰকৃত দোষীয়ে শাস্তিৰ পৰা ৰেহাই পাব পাৰে ৷
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ পৱিত্ৰ ক্ষণতে অলপতে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাঙলৈ ভাৰত ভাৰ্চুৱেল ইউনিভাৰচিটিৰ তৰফৰ পৰা প্ৰদান কৰা সন্মানীয় ডক্টৰেট ডিগ্ৰীৰ বাবে প্ৰশস্তি পত্ৰ লগতে কাৰবি জেকেটেৰে সম্বৰ্ধনা জনোৱা হয় ৷
আনহাতে ডিফুস্থিত ফাৰ্মাৰ্চ গ্ৰ’থ চেণ্টাৰত ডিফু প্ৰেছ ক্লাৱৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় ৷ ডিফু প্ৰেছ ক্লাৱে জিলাখনৰ অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সামাজিক কাৰ্যকলাপৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় ৷












