![]()
নিউজ ডেস্কঃ
২০২২ চনৰ টি-২০ বিশ্বকাপৰ কাৰ্যসূচী প্রকাশ কৰিলে আইচিচিয়ে। অহা বছৰ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব ক্ৰিকেটৰ ক্ষুদ্ৰ সংস্কৰণৰ বিশ্বযুদ্ধ। ১৬ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ। ফাইনেল অনুষ্ঠিত হ’ব ১৩ নৱেম্বৰত।
আইচিচিয়ে জনোৱা মতে, অষ্ট্ৰেলিয়াৰ সাতখন চহৰত অনুষ্ঠিত হ’ব এই টুর্নামেণ্ট। ব্রিছবেন, গিলং, হোবার্ট, পার্থ, ছিডনী, এডিলেইড আৰু মেলবোর্নত অনুষ্ঠিত হ’ব খেলবোৰ। ৯ নৱেম্বৰত ছিডনি আৰু ১০ নৱেম্বৰত এডিলেইডত অনুষ্ঠিত হ’ব দুখন ছেমি ফাইনেল। ফাইনেল অনুষ্টিত হ’ব মেলবোর্নত।













