![]()
ছাইদুল ইছলাম:
ডিফু : অসম-নাগালেণ্ড সীমান্তৰ কাৰবি আংলঙ জিলাৰ ধনশিৰত আজি গঠন হৈছে ধনশিৰি নগৰ সমতিৰ তদৰ্থ সমিতি ৷ কাৰবি আংলং স্বায়ত্বশাসিত পৰিষদৰ ডিফু মিউনিচিপালটি বোৰ্ডৰ অধীনত আজি ধনশিৰি বাজাৰ ট্ৰেন্সপৰ্ট কমপ্লেক্সত ধনশিৰি নগৰ সমিতিৰ ৪ জনীয়া তদৰ্থ সমিতিখন গঠন কৰি দিয়া হয় ৷
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী বিষয়া দিপনজিৎ বৰুৱাই ক্ৰমে তদৰ্থ সমিতিখনৰ অধ্যক্ষ ৰাজু ডিফুচা, উপাধ্যক্ষ পিংকিলা গাৰুমবাচা আৰু সদস্যদ্বয় কিৰণ দাস আৰু নাৰায়ণ ছেত্ৰীক গোপনীয়তাৰ শপতবাক্য পাঠ কৰায় ৷
শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰবি পৰিষদৰ কাৰ্যবাহী সদস্য মঙলচিং তিমুঙ ৷ নিজৰ ভাষণ প্ৰসংগত পৰিষদৰ জ্যেষ্ঠ কাৰ্যবাহী সদস্যই কয় যে, ধনশিৰিত নগৰ সমিতিৰ তদৰ্থ সমিতিখন ছয়মাহমান যোৱাৰ পিছত ক্ৰমান্বয়ে এখন পূৰ্ণাংগ নগৰ সমিতি গঠন হ’ব ৷ এতিয়াৰ পৰা ধনশিৰি নগৰ এলেকা উন্নয়নৰবাবে পৰিষদে নিবিদা আহ্বান নকৰে নগৰ সমিতিয়ে কৰিব ৷
বৰ্তমানৰ তদৰ্থ সমিতিখন পূৰ্ণাংগ পৰ্যায় পোৱাৰ লগে লগে নগৰ সমিতিখনত কৰ্মচাৰীৰ পদ বৃদ্ধি পাবে, স্থানীয় কৰ-কাটল সংগ্ৰহ কৰি উন্নয়ন কৰা হ’ব৷ স্থানীয় এমএচি তথা পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচাই নিজৰ ভাষণত কয় যে, অসম-নগালেণ্ড সীমান্তঞ্চল ধনশিৰিত নগৰ সমিতিয়ে স্থানীয়লোকসকলৰ বাবে এক নতুন সংযোজন আৰু ইয়াৰ জৰিয়তে ধনশিৰি অঞ্চলৰ উন্নয়ণ ত্বৰাণ্বিত হ’ব ৷
নগৰ সমিতিখনত প্ৰায় ১০ জন ষ্টাফ থকাৰ লগতে এজন কাৰ্যবাহী অভিযন্তাও লাগিব সেইসমূহ স্থানীয়ভাবে পূৰণ কৰা হ’ব ৷ উক্ত শপত গ্ৰহণ অনুষ্ঠানত বিভিন্ন জাতিজনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন সামস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হৈ যায় ৷












