![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটী মহানগৰী পল্টনবজাৰৰ কালিবাৰী ৰে’লৱে ক’লনীৰ পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীৰ লোমহৰ্ষক হত্যা কাণ্ডৰে জড়িত থকাৰ অভিযোগত পত্নী মৌচুমী চক্ৰৱৰ্তী আৰু জ্যেষ্ঠা কন্যাক গ্ৰেপ্তাৰ। ৩দিন ধৰি আৰক্ষীৰ মাৰাথান জেৰাৰ পাছত দেওবাৰে নিশা লতাশিল থানাই গ্ৰেপ্তাৰ কৰে নাৰায়ণৰ পত্নীক আৰু সোমবাৰে জ্যেষ্ঠা কন্যাক । গ্ৰেপ্তাৰ কৰাৰ কথা প্ৰকাশ কৰে তদন্তকাৰী আৰক্ষীয়ে। পাৰিবাৰিক কাৰণতেই হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে কয়। গুৰুত্বপূৰ্ণ কথা গ্ৰেপ্তাৰ হোৱা জ্যেষ্ঠা কন্যা নাবালিকা। আৰক্ষীয়ে প্ৰকাশ কৰাৰ মতে এডাল ৰডেৰে মূৰত আঘাত কৰি হত্যা কৰিছিল নাৰায়ণক সেই কথা স্বীকাৰ কৰা বুলি আৰক্ষীয়ে কয়। গুৱাহাটীৰ চেণ্ট্ৰেলৰ ডিচিপি দিগন্ত চৌধুৰীয়ে সমগ্ৰ হত্যাকাণ্ডৰ ঘটনাটোৰ তদন্ত দায়িত্বত আছে।
উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে পল্টনবজাৰ কালিবাৰী ৰে’লৱে ক’লনীৰ বন্ধুৰ কোৱাটাৰত উদ্ধাৰ হৈছিল নাৰায়ণৰ মৃতদেহ।
আৰক্ষীয়ে জানিব দিয়া অনুসৰি হত্যাকাণ্ডৰে আৰু ব্যক্তি জড়িতৰ তথ্য পোৱা গৈছে। তাৰ বাবে তদন্ত অব্যাহত আছে। লতাশিল থানাৰ গোচৰ নং ৩৭০/২১ আই.পি.চি ৩০২ অধীনত তদন্তৰ অব্যাহত আছে। আনহাতে, স্বামী হত্যাৰে জড়িত অভিযোগত গ্ৰেপ্তাৰ হোৱা মৌচুমীক পাণবজাৰ মহিলা আৰক্ষী থানাত ৰখা হৈছে। আজি হাজিৰ কৰোৱা হ’ব আদালতত। একেদৰে জ্যেষ্ঠা কন্যা নাবালিকা হোৱা হেতুকে জুভেনাই জাষ্টিছ বোৰ্ডত হাজিৰ কৰা হ’ব।













