![]()
নিউজ ডেস্কঃ
আইপিএলত দুৰ্বল ফৰ্মৰ বাবে সমালোচিত হৈছিল। আনকি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ প্রথম একাদশৰ পৰাও বাদ পৰিছিল তেওঁ৷ পিছত জনাইছিল, আগন্তুক বৰ্ষত হায়দৰাবাদৰ হৈ নেখেলে তেওঁ। অথচ তেৱেঁই হ’ল টি-২০ বিস্বকাপ ২০২১ৰ শ্ৰেষ্ঠ খেলুৱৈ৷ হয় ডেভিদ ৱার্নাৰৰ কথাকে কোৱা হৈছে। দুখন গুৰুত্বপূৰ্ণ মেচ ছেমি ফাইনেল আৰু ফাইনেলত তেওঁ দুটা ডাঙৰ ইনিংছ উপহাৰ দিয়ে অষ্ট্ৰেলিয়াক। আৰু সেই কাৰণে মেচৰ শেষত সমালোচকসকলক কঠোৰ প্ৰত্যুত্তৰ দিয়ে ৱার্নাৰৰ পত্নী কেণ্ডিছ ৱার্নাৰে।
ফাইনেলৰ পিছত টুইটাৰত ৱার্নাৰৰ এখন ছবি প্রকাশ কৰে কেণ্ডিছে। কেপচনত তেওঁ লিখে, ‘ফর্মৰ বাহিৰত, বুঢ়া আৰু লেধা! তোমাক শুভেচ্ছা।’
উল্লেখ্য, বিশ্বকাপৰ পূৰ্বে আইপিএলত আঠখন মেচত ১৯৫ ৰান কৰিছিল ৱার্নাৰে। বিগত সাত বছৰত এই প্রথমবাৰ কোনো ছিজনত তেওঁ ৫০০ৰ কম ৰান কৰে। আইপিএলত তেওঁৰ দলে তেওঁৰ ওপৰত আস্থা দেখুৱাব নোৱাৰিলেও বিশ্বকাপৰ পূৰ্বে কেংগেৰু দলৰ অধিনায়ক এৰন ফিন্সে জনাই দিয়ে যে তেওঁৰ দলত ৱার্নাৰেই হ’ব অপেনাৰ।
ওই আস্থাৰ উচিত মূল্য দিয়ে ৱাৰ্নাৰে৷ বিশ্বকাপত ৭খন মেচত ২৮৯ ৰান কৰি টুর্নামেন্টৰ শ্ৰেষ্ঠ হয় তেওঁ। আৰু যেন পূৰ্বৰ সমালোচনাৰো সঠিক প্ৰত্যুত্তৰ দিয়ে ৱাৰ্নাৰৰ হৈ তেওঁৰ পত্নী কেণ্ডিছে।













