![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : চৰকাৰৰ সৈতে যুদ্ধবিৰতিত স্বাক্ষৰ কৰি শান্তি আলােচনা প্রক্রিয়ালৈ সঁহাৰি জনােৱা ডিমা হাচাও জিলাৰ দুর্ধর্ষ উগ্রপন্থী সংগঠন ডিমাচা নেশ্যনেল লিবাৰেশ্যন আর্মী চমুকৈ ডি এন এল এৰ ৪৬ গৰাকী কেডাৰে আজি আনুষ্ঠানিকভাবে অস্ত্র সমর্পণ কৰি মূলসুতিলৈ ওভতি আহে। এই উদ্দেশ্যে আজি জিলাখনৰ সীমান্ত খেপ্রেত এক বিশেষ অনুষ্ঠানৰ আয়ােজন কৰা হয়।
উক্ত অনুষ্ঠানত সংগঠনটোৰ স্বয়ম্ভু সেনাধ্যক্ষ মুশ্রাং ডিমাচা ওৰফে নাইডিং ডিমাচাৰ নেতৃত্বত সংগঠনটোৰ কেডাৰসকলে চৰকাৰ-প্রশাসনৰ ওচৰত অস্ত্র সমর্পণ কৰে। অস্ত্র সম্বৰণৰ এই অনুষ্ঠানত উত্তৰ কাছাৰ পার্বত্য স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোছা, অসম আৰক্ষীৰ বিশেষ শাখাৰ এডিজিপি হীৰেন নাথ, আই জি পি দীপক কেডিয়া ডিমা হাচাও জিলাৰ উপায়ুক্ত-আৰক্ষী অধীক্ষককে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোেছাই ভাষণ প্রদান কৰি অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাৰ তৎপৰতাত উগ্রপন্থী সংগঠনসমূহ শান্তি আলােচনাৰ মেজলৈ ওভতি অহা বুলি মন্তব্য কৰি ইয়াৰ জৰিয়তে জিলাখনত ১৯৯৪ চনৰ পৰা অব্যাহত থকা হিংসাত্মক পবিস্থিতিৰ অবসান হােৱা বুলি মন্তব্য কৰে।
আৰক্ষী-প্রশাসনৰ শীর্ষ বিষয়াসকলেও ভাষণ প্রদান কৰি অস্ত্র সমর্পণ কৰিবলৈ আগবাঢ়ি অহা উগ্রপন্থী সদস্যসকলক আদৰণি জনায়। আনহাতে, সংবাদমাধ্যমৰে হােৱা আছুতীয়া বার্তালাপত ডি এন এল এৰ স্বয়ম্ভু সেনাধ্যক্ষ মুশ্রাং ডিমাচাই সংগঠনটোৰ মূল দাবী হিড়িস্বাপুৰ সন্দর্ভত আলােচনাৰ বাবেআলােচনাৰ মােজলৈ অহা বুলি মত প্রকাশ কৰে।
সংগঠনটোত প্রায় তিনি শতাধিক কেডাৰ থকা বুলি উল্লেখ কৰি পর্যায়ক্রমে বাকী সদস্যসকলেও অস্ত্ৰ সম্বৰণৰ বাবে ওলাই আহিব বুলি জানিবলৈ দিয়ে। অৱশ্যে, ডি এন এল এই আজি জমা দিয়া অস্ত্র-শস্ত্র সন্দর্ভত কোনাে তথ্য প্রদানৰ পৰা বিৰত থাকে বিদ্রোহী নেতাগৰাকী।
অহা ডিচেম্বৰত কার্বি আংলং জিলাতাে ভালেসংখ্যক ডি এন এল এ কেডাৰে অস্ত্র সমর্পণ কৰিব বুলি মুশ্রাং ডিমাচাই সংবাদ মাধামক অবগত কৰে। আনহাতে, মুতিলৈ ওভতি অহা সংগঠনটোৰ কেডাৰসকলব বাবে ডিমা হাচাও জিলাৰ উমৰামছ’, কার্বি আংলং, ডিমা
হাছাও কাছীৰ জিলাৰ সীমান্ত আৰু মাইবঙত ডেজিগনেটেড শিৱিৰ বহুওৱা হব বুলি বিদ্রোহী নেতাগৰাকীয়ে কয়।













