![]()
নিউজ ডেস্কঃ
টি-২০ বিশ্বকাপত পাকিস্তানৰ মেচত পৰাজয়ৰ পিছত নেট মাধ্যমত বিৰাট কোহলিৰ কন্যা ভামিকাক ধর্ষণৰ ভাবুকি দিছিল এজন ব্যক্তিয়ে। উক্ত ব্যক্তিজনক বুধবাৰে হায়দৰাবাদৰ পৰা আটক কৰে মুম্বাই আৰক্ষীয়ে। জানিব পৰা মতে, পেছাত ছফ্টৱেৰ ইঞ্জিনিয়াৰ ব্যক্তিজনৰ নাম ৰামনাগেশ আলিবাতিনি। হায়দৰাবাদৰ এটি তথ্য-প্রযুক্তি কোম্পানীত কর্মৰত আছিল তেওঁ। বৰ্তমান পিএইচডি কৰাৰ বাবে চাকৰি ইস্তফা দিছে। ইয়াৰ পূৰ্বে খাদ্য ডেলিভাৰিৰ কামো কৰিছিল ব্যক্তিজনে।
উল্লেখ্য, ভাৰত-পাকিস্তানৰ মেচৰ পিছত ‘@ক্রিককেজিগার্ল’ নামৰ এটি একাউন্টৰ পৰা কৰা উক্ত টুইটটো প্রথমতে ভবা হৈছিল কোনো পাকিস্তানীৰ। পিছত জানিব পৰা যায় যে অভিযুক্ত তেলেঙ্গানাৰ বাসিন্দা। কাৰণ তেওঁৰ প্রচুৰ টুইট তেলুগু ভাষাত আছে। লগতে টুইটাৰত নিয়মিত অতি দক্ষিণপন্থী পোষ্ট কৰে তেওঁ। সেই ঘটনাৰ তদন্ত আৰম্ভ কৰি মুম্বাই আৰক্ষীয়ে বুধবাৰে ব্যক্তিজনক আটক কৰে। অতি সোনকালে তেওঁক গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰা হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ তিনিটা ধাৰাত অভিযোগ অনা হৈছে।













