![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ষট পূজা উপলক্ষে গুৱাহাটীৰ মহানগৰীত যান-বাহন চলাচল নতুন নিয়ম। বুধবাৰ-বৃহস্পতিবাৰে মহানগৰী বহুকেইটা পথত যান- বাহন চলাচলত নিষেধাজ্ঞা। আজি সংবাদমেল জৰিয়তে প্ৰকাশ কৰে যান-বাহন শাখা আৰক্ষী আয়ুক্তই।
বুধবাৰে দিনৰ ১বজাৰ পৰা বাধা-নিষেধ প্ৰযোজ্য হ’ব যান-বাহন চলাচল সন্দৰ্ভত। এপ’ল পইণ্টৰ পৰা কটন কলেজিয়েট স্কুল পইণ্ট লৈ এম জি পথেৰে ভক্ত কঢ়িওৱা বাহনৰ বাহিৰে অন্য বাহন চলাচল কৰিব নোৱাৰিব।
ভৰলুমুখ দিশৰ পৰা পাণবজাৰ-চানমাৰি অভিমুখী চিটিবাছকে ধৰি অন্য সকলো বাহন এ’পল পইণ্টৰ পৰা টিআৰপি ৰোড হৈ এইচবি ৰোডেৰে এন.বি হল পইণ্টৰ বাওঁদিশে ঘূৰি এফচি ৰোড, টয়াবুল্লাহ ৰোড আৰু জিএনবি ৰোডেৰে যাব পাৰিব।
চানমাৰী দিশৰ পৰা জালুকবাৰী দিশত যাব লগা বাহনসময় টিচি পইণ্ট হৈ জিলা পুথিভঁৰাল, আৰবি আই পইণ্ট হৈ পাণবজাৰ উৰণীয়া সেতু নৰ্থ পইণ্ট হৈ এ.টি ৰোডেৰে আঠগাঁও উৰণীয়া সেতু হৈ যাব পাৰিব।
টিচি পইণ্ট জিএনবি ৰোড হৈ পাণবজাৰ ফাঁচী বজাৰ লৈ আহিব লগা লঘু বাহনসমূহ এম এল এন ৰোড হৈ এইচ বি ৰোডেৰে যাব পাৰিব।
উজানবজাৰ-লতাশিল দিশৰ পৰা ভৰলু অভিমুখী লঘু বাহনসমূহ বি চি ৰোড, টয়াবুল্লাহ ৰোড, জিএনবি ৰোডেৰে যাব পাৰিব।
খানাপাৰা পৰা ভৰলু হৈ জালুকবাৰী অভিমুখী চিটি বাছসমূহ পাণবজাৰ এন অ বি ছাইথ পইণ্ট হৈ এটি ৰোডেৰে চলাচল কৰিব পাৰিব।
জালুকবাৰী ফালৰ পৰা অহা আন্তঃজিলা বাছসমূহ গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰিব নোৱাৰিব। ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ আইএছবিটিলৈ যাব পাৰিব। ভক্ত কঢ়িওৱা বাহন অৱশ্যে আহিব পাতিব।
বুধবাৰে পুৱা ৯বজা পৰা ১১ নৱেম্বৰ পুৱা ৯বজালৈ ২৭নং ৰাষ্ট্ৰীয় ঘাই পথ, চন্দ্ৰপুৰ, পানীখাইটি আদি দিশৰ পৰা বাণিজ্যক সামগ্ৰী কঢ়িওৱা বাহন মহানগৰীৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব।













