![]()
নিউজ ডেস্কঃ
আইচিচি টুৰ্নামেণ্টত জয়লাভ কৰি নিজৰ কেৰিয়াৰ সামৰাৰ শেষ আশা পূৰ্ণ নহ’ল বিৰাট কোহলি-ৰবি শাস্ত্রী যুটিৰ। উক্ত টুৰ্নামেণ্টত খালী হাতেৰেই নিজৰ কেৰিয়াৰ সামৰিব ভাৰতৰ অধিনায়ক আৰু গুৰু যুটিটোৱে। আজি নামিবিয়াৰ বিৰুদ্ধে অন্তিমখন গ্ৰুপ মেচৰ পিছতেই ৰবি শাস্ত্রী আৰু বিৰাট কোহলিৰ পাৰ্টনাৰশ্বিপৰ অন্ত পৰিব। বিশ্বকাপৰ পিছতেই নিউজীলেণ্ড ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দলটোৰ নতুন প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিব ৰাহুল দ্রাবিড়ে। আনহাতে, বিৰাট কোহলিৰ স্থানত অধিনায়কৰ দায়িত্ব ল’ব ৰোহিত শৰ্মাই। লগে লগে ভাৰতীয় ক্রিকেটত আৰম্ভ হ’ব এক নতুন যুগৰ। তাৰ পূৰ্বে অৱশ্যে আজি নামিবিয়াৰ বিৰুদ্ধে বিশাল জয়েৰে নিজৰ কেৰিয়াৰৰ সামৰণি মাৰিব বিচাৰিব অধিনায়ক বিৰাট কোহলি আৰু মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্রীয়ে।
উল্লেখ্য, দেশ-বিদেশত টেষ্ট ক্ৰিকেটত এই যুটিটোৱে সাফল্য লাভ কৰিলেও আইচিচি টুর্নামেন্টত কিন্তু সম্পূৰ্ণ ব্যৰ্থ হৈছে। ২০১৯ৰ বিশ্বকাপৰ ছেমি ফাইনেলত নিউজীলেণ্ডৰ হাতত পৰাজিত হৈ বিশ্বকাপ জয়ৰ দৌৰৰ পৰা চিটিকি গৈছিল টীম ইণ্ডিয়া। চলিত বছৰত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো নিউজীলেণ্ডৰ হাততে ধৰাশায়ী হ’বলগা হৈছিল। অৱশ্যে ঘৰুৱা ক্ৰিকেটত আধিপত্য দেওখুৱাৰ লগতে অষ্ট্ৰেলিয়াৰ মাটিতো বীৰদৰ্পে শৃংখলা কৰিছে। কিন্তু আইচিচি টুর্নামেন্টত প্রতিবাৰেই বিফল মনোৰথ হৈ উভতিবলগা হৈছে বিৰাট-ৰবি যুটি৷ চলিত টি-২০ বিশ্বকাপতো একেই ধাৰা অব্যাহত থাকে।













