![]()
নিউজ ডেস্কঃ
বৃহৎ সমস্যাত ছোৱেইব আখতাৰ। পাকিস্তানৰ জাতীয় টেলিভিছন চেনেল পাকিস্তান টেনিভিচন কর্পোৰেচনে (পিটিভি) তেওঁৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ জাননী প্ৰেৰণ কৰিছে।
চেনেলটোৰ ধাৰাভাষ্যকাৰ হিচাবে আছিল পাকিস্তানৰ প্রাক্তন বেগী বলাৰ ছোৱেইব। যোৱা মাহত তেওঁ এক অনুষ্ঠান চলি থাকোতে তাৰ পৰা উঠি যায়। তাৰ পিছত পৰোক্ষভাবে চেনেলৰ পৰা ইস্তফা দিয়ে। এই বিষয়টোক নিয়ম উলঙ্ঘন হিচাপে বিবেচনা কৰিছে পিটিভিয়ে। কেৱল সেয়াই নহয়, ইয়াৰ বাবে তেওঁলোকৰ প্রচুৰ পৰিমাণে আর্থিক ক্ষতি হোৱা বুলিও জনাইছে পিটিভিয়ে।
ছোৱেইবলৈ পঠোৱা জাননীত পিটিভিয়ে লিখিছে, ‘আমাৰ চুক্তিৰ ২২ নম্বৰ ধাৰা অনুযায়ী যিকোনো পক্ষই তিনি মাহৰ জাননীত চুক্তি এৰি ওলাই আহিব পাৰে। নহ’লে আর্থিক ক্ষতিপূৰণ দিব লাগিব। কিন্তু ছোৱেইবে শ্ব চলি থাকোতেই আঁতৰি যোৱাৰ কথা ঘোষণা কৰে। তৎক্ষণাৎ আঁতৰিও যায়। পিটিভি মেনেজমেন্টক তেওঁ আগতীয়াকৈ একো জনোৱাও নাই। তাৰ উপৰি হৰভজন সিঙৰ সৈতে এটি ভাৰতীয় চেনেলত ছোৱেইবে কাম কৰাত আমাৰ অপূৰণীয় ক্ষতি হৈছে।’
ছোৱেইবলৈ পঠোৱা জাননীত কোৱা হৈছে, ১০ কোটি টকা ক্ষতিপূৰণ হিচাবে ছোৱেইবে দিব লাগিব। তাৰ লগতে তেওঁ তিনি মাহৰ পাৰিশ্রমিক হিচাবে ৩৩ লক্ষ ৩৩ হাজাৰ টকাও দিব লাগিব। নহ’লে তেওঁৰ বিৰুদ্ধে আইনী পদক্ষেপ লোৱা হ’ব।













