নিউজ ডেস্কঃ
সহকর্মীৰ গুলীত প্রাণ গ’ল চাৰি চিআৰপিএফ জোৱানৰ। ছত্তিশগড়ৰ সুকমা জিলাৰ ঘটনা এয়া। লিঙ্গমপল্লি গাঁৱৰ ৫০ নম্বৰ বেটেলিয়নৰ শিবিৰত পুৱতি নিশা ৩.১৫ বজাত এ কে ৪৭ ৰাইফেলেৰে সহকর্মীসকলক গুলীয়াই নিহত কৰে ৰীতেশ ৰাজন নামৰ এজন জোৱানে। তেওঁলোকৰ নাম ৰাজমণি কুমাৰ যাদব, ৰাজীব মণ্ডল, ধানজি আৰু ধর্মেন্দ্র কুমাৰ। আহত হয় আন সাতজন। তেওঁলোকক পার্শ্ববর্তী ৰাজ্য তেলেঙ্গনাৰ ভদ্রচালামৰ এখন হস্পিটেললৈ নিয়া হৈছে। ৰাজ্যৰ ৰাজধানী ৰায়পুৰৰ পৰা চিআৰপিএফ শিবিৰটোৰ দূৰত্ব ৪০০ কি:মি:।
বস্তাৰ ৰেঞ্জৰ আৰক্ষী সঞ্চালক সুন্দৰৰাজ পিয়ে জনোৱা মতে, গুলী চলোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে। ঘটনাৰ সময়তে ৰীতেশ ৰাজনক অন্য জোৱানসকলে ধৰা বুলি জানিব পৰা গৈছে।