ছাইদুল ইছলাম:
ডিফুঃকাৰ্বি আংলং জিলা বন বিভাগে শেহতীয়াকৈ চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ সময়তে আজি সন্ধিয়া বকলীয়াঘাটত বন বিভাগে অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে।
জানিব পৰা মতে, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত বন বিভাগৰ নৰ্দাৰ্ণ ৰেঞ্জৰ বনকৰ্মীৰ এটা দলে ৰজাপথাৰ-হাতীপুৰা সংযোগী পথত এএছ-০৯-এচি-০৬৬৯ নম্বৰৰ টাটা মোবাইল ভৰ্তি মূল্যবান কাঠৰ বাটাম জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা চোৰাং কাঠখিনিৰ বজাৰমূল্য কমেও প্ৰায় ৫০ হাজাৰ টকা।