ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু:ডিফুত এক নৃশংস হত্যাকাণ্ডই সমগ্ৰ ডিফুত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি শুকুৰবাৰে নিশা কোনো অজ্ঞাত দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুৱাইছে ৭০ বছৰীয়া এক বৃদ্ধই ৷
ডিফু থানাৰ ইন্সপেক্টৰ অ’চি জে খবুঙে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি আজি দিনৰ ১ মান বজাত ডিফু ২ নং তাৰালাংচ’ৰ নিৱাসী ৰাজেন ৰংফাৰে আৰক্ষীক জনায় যে, তেওঁৰ ৭০ বছৰীয়া বৃদ্ধ পিতৃ বুৰা ৰংফাৰক শুকুৰবাৰে নিশা ৯ মান বজাত ডিচামা মন তেৰাঙ গাঁৱত থকা ঝুম খেতিৰ এটি জুপুৰী ঘৰত শুই থকা অৱস্থাত ৫ জনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলে হাতে হাতে খাজা বন্ধুকলৈ আহি তেওঁৰ পিতৃৰ কঁপালত গুলীয়াই হত্যা কৰি থৈ যায় বুলি স্থানীয় লোকৰ পৰা জানিব পাৰিছে ৷
ঘটনাৰ খবৰ পোৱাৰ মাত্ৰই উপ পৰিদৰ্শক এলবাৰ্ট এল ৰিংচিতেৰ নেতৃত্বত তদন্তকাৰী বিষয়া সমুজ্জল কাকতি, বেটেলিয়িন আৰু সংগীয় ষ্টাফ সহ আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিতহৈ মৃতদেহটো উদ্ধাৰ ককি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় ও হাস্পাতাললৈ প্ৰেৰণ কৰে ৷
মৃতকৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ডিফু থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০২/৩৪ আৰু R/W ধাৰা (অস্ত্ৰ আইন) ৰ অধীনত ৩২৫/২০২১ নম্বৰত এক গোছৰ ৰুজো দি দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈতদন্ত অব্যাহত অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷