![]()
নিউজ ডেস্কঃ
এইবাৰৰ টি-২০ বিশ্বকাপত ভাৰতৰ লাজৰ শেষ নাই। বিৰাট কোহলি, ৰোহিত শৰ্মাই ইমানেই মন্থৰ গতিত বেটিং কৰিছে আৰু তাৰ পিছত ইমানেই শোচনীয়ভাৱে পৰাজিত হৈছে যে ভাৰতৰ নেট ৰান ৰেট একেবাৰে তললৈ নামি গৈছে।
দেওবাৰৰ মেচৰ পিছত যি অৱস্থা, তাৰ ফলত ছুপাৰ ১২ৰ ১২টা দলৰ ভিতৰত নেট ৰান ৰেটত ভাৰত আছে ১১ নম্বৰত। ভাৰতৰ তলত আছে কেৱল স্কটলেণ্ড। নামিবিয়া, বাংলাদেশো ভাৰতৰ ওপৰত আছে।
ভাৰতৰ নেট ৰান ৰেট -১.৬০৯। কোহলি বাহিনীয়ে দুখন মেচত ৪০ অভাৰত ২৬১ ৰান কৰিছে। বিপক্ষে ৩২.২ অভাৰত ২৬৩ ৰান হৈছে। ভাৰতৰ ওপৰত আছে নামিবিয়া। তেওঁলোকৰ নেট ৰান ৰেট -১.২৮৭। বাংলাদেশো ভাৰতৰ ওপৰত আছে। তেওঁলোকৰ নেট ৰান ৰেট -১.০৬৯।
১২টা দলৰ ভিতৰত নেট ৰান ৰেট সকলোতকৈ ভাল ইংলেণ্ডৰ, +৩.৯৪৮। তাৰ পিছত আছে আফগানিস্তান, +৩.০৯৭।
আনহাতে, দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে মেচত ভাৰতীয় বেটছমেনসকলে মাত্ৰ ১০টা বল বাউণ্ডেৰীৰ বাহিৰলৈ পঠাবলৈ সক্ষম হৈছে। ৰবীন্দ্র জাডেজাই ২টা চাৰি আৰু ১টা ছয়, ৰোহিত শর্মাই ১টাকৈ চাৰি আৰু ছয়, লোকেশ ৰাহুলে ৩টা চাৰি আৰু ঈশান কিছাণ আৰু হার্দিক পাণ্ডিয়াই ১টাকৈ চাৰি কোবায়।













