![]()
নিউজ ডেস্কঃ
টি-২০ বিশ্বকাপৰ প্রথম মেচত পাকিস্তানৰ বিৰুদ্ধে দুৰ্দান্ত অর্ধশতক কৰিও মেচ বচাব পৰা নাছিল বিৰাট কোহলিয়ে। তাৰেই যেন মূল্য ভৰিবলগা হ’ল আন্তৰাষ্ট্ৰীয়ে ৰেংকিং তালিকাত। টি-২০ ক্রম তালিকাত নিজৰ স্থানৰ অৱনমন ঘটিল কোহলিৰ। বেটছমেনৰ তালিকাত এটা ৰেংক নামি পঞ্চম স্থানলৈ আহিল কোহলি।
অৱনমন ঘটিছে আন এগৰাকী ভাৰতীয় ক্রিকেটাৰ কেএল ৰাহুলৰো। তালিকাত দুটা ৰেংক নামি বৰ্তমান তেওঁৰ স্থান অষ্টমত। ইয়াৰ বিপৰীতে টি-২০ত বেটছমেনৰ তালিকাত শীর্ষস্থান দখলৰ দিশে ক্রমশ আগবাঢ়িছে পাকিস্তানৰ অধিনায়ক বাবৰ আজম। শীর্ষত থকা ডেভিদ মিলানতকৈ তেওঁৰ মাত্র ১১ ৰেটিং পইণ্ট কম আছে (৮২০)।
আনহাতে, অলৰাউণ্ডাৰৰ তালিকাত শীর্ষস্থানলৈ উভতিছে বাংলাদেশৰ চাকিব আল-হাচান। আফগানিস্তানৰ মহম্মদ নবীক চেৰ পেলাই যায় তেওঁ। যোগ্যতা অর্জন পৰ্যায় মিলাই এই মুহূর্তত এইবাৰৰ বিশ্বকাপৰ সৰ্বাধিক উইকেট লাভ কৰিছে চাকিবেই।













