![]()
নিউজ ডেস্কঃ
পাকিস্তানৰ বিৰুদ্ধে ১০ উইকেটত পৰাস্ত হ’ল ভাৰত। বিশ্বকাপৰ মঞ্চত প্রথমবাৰ ভাৰতক হৰুৱালে পাকিস্তানে। আত্মবিশ্বাসৰ তুঙ্গত থকা বিৰাট কোহলি বাহিনীক প্রথম মেচতেই ধূলিত মিহলাই দিলে বাবৰ আজম বাহিনীয়ে। বিশ্বকাপৰ মঞ্চত ১২ বাৰ পৰাস্ত হোৱাৰ মধুৰ প্ৰতিশোধ ল’লে পাকিস্তানে।
মেচখনত দুই দলৰ অধিনায়কেই অর্ধশতৰান কৰে যদিও, মেচ জয়ৰ সোৱাদ দিব নোৱাৰিলে কোহলিয়ে।

টছত পৰাস্ত হৈ প্রথমে বেট ধৰিবলৈ নামে ভাৰত। আৰম্ভণিতেই ৰোহিত শর্মাক (০) ৰাণত ওভতাই পঠায় ছাহিন আফ্রিদিয়ে। প্রথম বলতেই এলবিডব্লিউ হয় তেওঁ। ভাৰতৰ ইনিংছত অপেনাৰ হিচাবে কোনো ৰাণৰেই অৱদান আগবঢ়াবলৈ সক্ষম নহ’ল দুই ভাৰতীয় অপেনাৰে। লোকেশ ৰাহুল ৮ বলত ৩ ৰাণ কৰি আফ্রিদিৰ বলত ব’ল্ড হয়। ৮ বলত ১১ ৰাণ কৰি উভতি যায় সূর্য কুমাৰ যাদবো।
ইয়াৰ পিছত ভাৰতীয় ইনিংছ চম্ভালি লয় কোহলি আৰু ঋষভ পন্থ। ৫৩ ৰাণৰ যুটি বান্ধে তেওঁলোকে।
কিন্তু পন্থ আউট হোৱাৰ পিছত ভাৰতৰ ইনিংছ যেন বহুত পিছপৰি যায়। ৪৯ বলত ৫৭ ৰাণ কৰে কোহলিয়ে।
পাকিস্তানৰ হৈ চাহিন আফ্রিদিয়ে ৪ অভাৰত ৩১ ৰান দি ভাৰতৰ প্রথম তিনিজন বেটছমেনৰ উইকেট লয়।

কিন্তু বেটিং কৰিবলৈ নামি দুই অপেনাৰ বাবৰ আজম আৰু মহম্মদ ৰিজৱানেই ভাৰতৰ হাতৰ পৰা এক প্ৰকাৰ থেকে মেচ কাঢ়ি লৈ যায়। সর্বশক্তিৰে চেষ্টা কৰিও ব্যর্থ বুমৰাহ, চামি, ভুবনেশ্বৰ কুমাৰ। বৰুণ চক্রৱর্তী আৰু ৰবীন্দ জাডেজাকো এক প্ৰকাৰ দিশহাৰা কৰে পাক দুই বেটছমেনে। অৱশেষত দুই অভাৰ আৰু এটা বল বাকী থকা অৱস্থাত পাকিস্তানে ভাৰতক ১০ উইকেটত পৰাস্ত কৰে।













