![]()
নিউজ ডেস্কঃ
দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ প্রথম মেচত অৱতীৰ্ণ হ’ব ভাৰত। সমগ্ৰ ক্রিকেট বিশ্বই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে এই মেচলৈ। নিঃসন্দেহে প্রতিযোগিতাৰ সৰ্বাধিক গুৰুত্বপূর্ণ মেচ হ’ব এইখন। কাগজে-কলমে আগবাঢ়ি আছে ভাৰতেই। ৰেকৰ্ডো ভাৰতৰ দিশেই। কিন্তু দেওবাৰৰ মেচৰ পূৰ্বে এইবোৰ ভাবিবলৈ ৰাজী নহয় কোহলী। তেওঁ জনায়, টি-২০ মেচত যিকোনো ফলাফলেই হ’ব পাৰে।
শনিবাৰে সংবাদমেল সম্বোধন কৰি কোহলীয়ে কয়, “এনে ধৰণৰ মেচৰ পূৰ্বে নিজৰ ভাবনা-চিন্তা স্বচ্ছ ৰখাটো প্ৰয়োজন। আধুনিক ক্রিকেটৰ সংক্ষিপ্ততম সংস্কৰণত এটা বলেতেই খেল সলনি হৈ যাব পাৰে। আমি কিছু দিন পূৰ্বে আইপিএল খেলি আহিছো। সেয়ে বহুখিনি আত্মবিশ্বাসী হৈ পৰিকল্পনা যুগুত কৰিব পাৰিম৷ নিজৰ স্পষ্ট পৰিকল্পনা থকাটো প্রয়োজন।”













