![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : মানৱতাক কলংকিত কৰি আজি দুপৰীয়া ডিফু নদীত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি দুপৰীয়াৰ ভাগত ডিফু এমজি পথৰ লতিকা চিনেমা হলৰ কাষেৰে বৈ যোৱা ডিফু নদীত নৱজাতকৰ মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰে ৷ মৃতদেহটো তলমুৱা হৈ পানীৰ ওপৰতে জাবৰৰ দ’মত উপঙি আৰু পিঠিৰ পৰা তেজ নিৰ্গত হৈ থকা পৰলক্ষিত হয় ৷ মৃতদেহটি চাবলৈ পথচাৰী আৰু স্থানীয়লোকে ভিৰ কৰিবলৈ ধৰে ৷ কোনো পাষাণ হৃদয়ৰ মাতৃয়ে নিজৰ অপকৰ্ম ঢাকিবলৈ এনেদৰে নৱজাতক শিশুটিক নদীৰ পানীত পেলাই দিছে বুলি প্ৰত্যক্ষদৰ্শীসকলে সন্দেহ প্ৰকাশ কৰিছে ৷
আনহাতে উক্ত ঘটনাৰ খবৰ পাই ডিফু থানাৰ আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত নৱজাতকটিৰ মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ মৃত নৱজাতকটি ল’ৰা সন্তান বুলি জানিব পৰা গৈছে ৷ যি সময়ত এটি সন্তানৰ বাবে একাংশ লোকে হাবথুৰি খাইছে তেনে সময়ত জীৱ শ্ৰেষ্ঠ মানৱ হৈও মানৱ সমাজক লজ্জানত কৰি এনে কাণ্ড সংঘটিত হোৱাত প্ৰত্যক্ষদৰ্শীয়ে এনে কু-কৰ্মক ধিক্কাৰ দিছে ৷












