![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফুঃ অলপতে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্রাথমিক শিক্ষা বিভাগে কার্বি আংলং জিলাৰ বকলীয়াঘাটৰ বালিজান গাঁৱত থকা বালিজান প্রাথমিক বিদ্যালয়খনৰ নাম সলনি কৰি ১ নং বালিজান বীৰ শ্বহীদ কীর্তিচক্র গৌতম কোছ স্মৃতি বিদ্যালয় হিচাপে নতুনকৈ নামকৰণ কৰা বিদ্যালয়খনৰ আজি শুভ উদ্বোধন কৰা হয়। বীৰ শ্বহীদ প্ৰয়াত গৌতম কোছে অসম-নাগালেণ্ড সীমান্তত সহস্ৰ উগ্ৰপন্থী সংগঠনৰে অশেষ পৰাক্ৰমেৰে যুঁজি শ্বহীদ হৈছিল ৷
সেয়ে বীৰ শ্বহীদগৰাকীৰ স্মৃতিত নামকৰণ কৰা বিদ্যালয়খনৰ আজি পুৱা প্রায় দহ বজাত শ্বহীদগৰাকীৰ পৰিয়ালৰ উপস্থিতিত শুভ উদ্বোধন কৰে অসম আৰক্ষীৰ মধ্য মণ্ডলৰ ডি আই জি সত্যৰাজ হাজৰিকা আৰু কার্বি আংলং জিলা আৰক্ষী অধীক্ষক পুষ্পবাজ সিঙে।
বিদ্যালয়খনৰ নামফলক উদ্বোধনৰ লগত সংগতি ৰাখি বিদ্যালয় প্রাংগণত অনুষ্ঠিত হােৱা এখন সভাত ভাষণ প্রদান কৰি অসম আৰক্ষীৰ মধ্য মণ্ডলৰ ডি আই জি সত্যৰাজ হাজৰিকাই বীৰ শ্বহীদ গৌতম কোছৰ স্মৃতিক যুগমীয়া কৰি ৰখাৰ বাবে অসম আৰক্ষীৰ সঞ্চালকপ্রধানগৰাকীয়ে হাতত লােৱা পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
এগৰাকী বীৰ শ্বহীদৰ নামেৰে বিদ্যালয়ৰ নামকৰণ হােৱাৰ পিছত উঠি অহা প্রজন্ময়াে ইয়াৰ জৰিয়তে বীৰ শ্বহীদগৰাকীয়ে দেশমাতৃৰ প্রতি কৰি অহা ত্যাগৰ বিষয়ে জনাৰ সুবিধা পাব বুলি মন্তব্য কৰে। এনে পদক্ষেপৰ জৰিয়তে দেশপ্রেমৰ শিক্ষা লাভ কৰাৰ বাবে এক পৰিৱেশ সৃষ্টি হব বুলি জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে আশা প্রকাশ কৰে।
আৰক্ষীৰ লােকসকলে কর্তব্যৰ তাগিদাত সন্মুখীন হােৱা বিভিন্ন প্রতিকূলতা তথা প্রত্যাহ্বানৰ বিষয়ে ভাষণ প্রসংগত উল্লেখ কৰি আৰক্ষীৰ লােকসকলে বহু ত্যাগৰ মাজেৰে নিজৰ কর্তব্য পালন কৰে বুলি মত প্রকাশ কৰে। এনে এগৰাকী বীৰ জোৱানৰ স্মৃতি শ্বহীদৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যেই এই পদক্ষেপ কৰা বুলি ডি আই জি গৰাকীয়ে ভাষণ প্রসংগত উল্লেখ কৰে।
কার্বি আংলং জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে প্রদান কৰা চমু ভাষণত বীৰ শ্বহীদ গৌতম কোছৰ স্মৃতি যাতে হেৰাই নাযায় তাৰ প্রতি লক্ষ্য ৰাখিয়েই এনে পদক্ষেপ গ্রহণ কৰা বুলি মন্তব্য কৰে। শহীদ জোৱানগৰাকীৰ ত্যাগৰ নিদর্শনে আহিবলগীয়া প্রজন্মকো দেশমাতৃৰ সেৱাৰ বাবে আগবাঢ়ি অহাৰ ক্ষেত্রত প্রেৰণা যােগাব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে মন্তব্য কৰি এনে সৌভাগ্যসকলােৰে নহয় বুলি উল্লেখ কৰে।
সভাখনত বীৰ শ্বহীদ গৌতম কোছৰ পিতৃ ডিম্বেশ্বৰ কোছ, শিক্ষক অতুল চন্দ্র শর্মা, দিলীপ পুৰকায়স্থ আদিয়ে ভাষণ প্রদান কৰি বীৰ শ্বহীদগবাকীৰ ব্যক্তিত্বৰ বিভিন্ন দিশ পর্যালােচনা কৰে ৷ বকলীয়াঘাট অঞ্চলৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনৰ আঁত ধৰে বকলীয়াঘাট আবদ্ষী থানাৰ ভাবপ্রাপ্ত বিষয়া মনজিৎ তেৰাঙে।













